শুৱনি আমাৰ গাঁওখন অতি
শুৱনি গছেৰে ভৰা,
ডাল ভৰি ভৰি ফল ফুল লাগে
কত পাওঁ তলসৰা।
শুৱনি আমাৰ ধাননি পথাৰ
ধানেৰে উপচি পৰে,
শুৱনি নদীৰ পানী ভৰা ঘাট
মুদৈয়ে বেপাৰ কৰে।
চালত কোমোৰা লাও জিকা ভোল
ভঁৰালত জহাধান,
গোহালিত গৰু পুখুৰীত মাছ
বাৰীত তামোল পাণ।
গছৰ ডালত শুৱনি চৰাই
শুৱলা সঙ্গীত গায়,
শাকনিত শাক ফুলনিত ফুল
দেখিলে হিয়া জুৰায়।
ঘৰে ঘৰে ৰং ধেমালিৰ হাট
ঘৰে ঘৰে হাঁহি মুখ,
ঘৰে ঘৰে ভাল চেনেহা চেনেহি
ঘৰে ঘৰে দেখোঁ সুখ।
ভাওনা সবাহ গীত ভাল পোৱা
মধুৰ মুৰুলী তান,
দহোটাৰ কাম একেজনে কৰা
চহাৰ সৰল প্রাণ।
This comment has been removed by the author.
ReplyDeleteকবিতাটো সম্পূৰ্ণ মূখস্থ দিয়াৰ স্বত্বেও মোক তিনি চাট দিছিল এচাৰিৰে শ্ৰদ্ধাৰ প্ৰবীণ গোস্বামী ছাৰে কাৰণ মই দুদিন স্কুললৈ যোৱা নাছিলো । কবিতাটো আওৰাৰ লগে লগে সেই দিনটোলৈ আজিও মনত পৰি যায় !
ReplyDelete