Saturday, 31 October 2015

সৰু বস্তু



এটোপ এটোপ কৰি

ডাৱৰৰ পানী পৰি

ভৰি গ’লবহল সাগৰ,

কণকণ বালি চাঁহী

ইটে সিটে লগ লাগি

সাজি দিলে ধৰণী ডাঙৰ ।



পল অনুপল কৰি

ডাঁৰ দিন মাহ চৰি

যুগ যুগ পাৰ হৈ যায়,

এটি দুটি কৰি গঁথা

মৰমৰ মাত কথা

জগতক সৰগ কৰায় ।



অকল সুখেৰে ভৰা

নহয় জানিবা ধৰা

দুখো আছে সুখৰ লগত,

এটি মাথোঁ হাঁহি সৰি

জগত পোহৰ কৰি

সুখে ভৰা কৰিছে মৰত ।


7 comments:

  1. Replies
    1. কবিজনৰ নাম কি আছিল ? মনত পেলাই দিয়কচোন ৷

      Delete
    2. বিনন্দ চন্দ্ৰ বৰুৱা

      Delete
    3. Ananda chandar আগৰৱালা

      Delete
  2. নৱকান্ত বৰুৱাৰ সম্পাদিত 'মৰুৱা ফুল' ত থকা বিনন্দ বৰুৱাৰ কবিতাটোৰ ভাৱ একে কিন্ত্ত শব্দৰ মিল নাই ;চাবচোন

    ReplyDelete
  3. কবিতাটোৰ কবিজনৰ নাম আনন্দ চন্দ্ৰ আগৰৱালা

    ReplyDelete
  4. মূলভাৱ হিচাপে অলপ দিবচোন

    ReplyDelete