কবিঃ—নীলমণি ফুকন
অচিনাকি
দেখা নাই কোনো কালে সেইহে হেঁপাহ
চাই
লওঁ মুখনি এবাৰ ;
শুনা
নাই আগেয়ে তোমাৰ অমিয়া মাত
কাণত
বৰষা মৌ তাৰ।
পোৱা
নাই কোনো কালে পৰশ তোমাৰ,
দিয়া
হাত চকুত বুলাই ;
তোমাৰ
মৰম কেনে পোৱাৰ আশাত
চোঁৱা
দিছো হিয়া উবুৰাই;
তোমাৰ
মনৰ কথা নেপালো যে গম,
মোৰ
সুপিকেই কোৱা হ’ল :
কিহেৰে
তোমাৰ হিয়া বন্ধোৱা নাজানো,
মোৰ
হলে হিয়া পমি গ’ল !
অচিনাকি
হৈ থাকা একো কথা নাই—
জানোচা
চিনাকি হ'লে হাততে হেৰায় ।
No comments:
Post a Comment