কবিঃ-আনন্দচন্দ্র
আগৰৱালা
শোকৰ কবিতা ৰচি দুধাৰি চকুলো মচি
নকবা জীৱন মিছা নিশাৰ সপোন ;
অসাৰ সংসাৰ ভাই ইয়াত সকাম নাই
মোহময় মায়াময় সকলো মাথোন ।
পুত্র-কণ্যা পৰিবাৰ কোন তৱ? তুমি কাৰ
বুলি হেৰা অবাবত নকৰা বেজাৰ,
কলা ঘুমটীয়া হৈ আতমা যে আছে ৰৈ
জানিবা মৰণ নাই এই আতমাৰ ।
অস্থায়ী মানৱ দেহা কৰিম দুদিন বেহা
ফুৰিম দুদিন মাথো সংসাৰ-হাটত,
দুদিনৰ অন্ত হলে আয়ুস ঢুকাই গলে
সুন্দৰ দেহৰ ঠাই শেষ শ্মশানত ।
চকু, কাণ, নাক যাব হাড়-ছাল
সাং হ'ব
মাটিৰ মানুহ তুমি মাটিত মিলিবা,
অবিনাশী নিত্যধন আমৰণ অভগন
অনন্ত উন্নতিশীল আতমা জানিবা।
সদায় চকু-লো টোকা দুখত মগন থকা
ভোগ-সুখ জীৱনৰ উদ্দেশ্য নহয়,
এনেভাৱে কাম কৰা দিনে যেন আগ বঢ়া
প্রতি দিনে খোজ যেন আগলৈহে যায় ।
পল পল দণ্ড কৰি সময়
গইছে উড়ি
পাখি লগা কাঁড়ৰ নিচিনা অবিৰাম;
বহুদূৰ আছে গতি সময় তাকৰ অতি
কৰিবলগীয়া আমি আছে বহু কাম ।
দিন যায়, আহে ৰাতি আয়ুস গইছে টুটি
লাহে লাহে চমু চাপি আহিছে মৰণ,
সংসাৰ যুঁজৰ ঠাই শুবৰ সকাম নাই
কাছি পাৰি যুজা সৱে কৰি প্রাণপণ।
এলাহ-নিহালি থোৱা বীৰ-বেশ গাত লোৱা
নহবা মৰাৰ প্রায় মানুহ-সন্তান,
নহবা গৰুৰ দৰে, খুচিলেহে খোজ ধৰে
ৰণত বীৰেন্দ্ৰ বুলি হোৱা
খ্যাতিমান।
কল্পনা-চকুৰে চোৱা যেনেকি সুন্দৰ পোৱা
নকৰিবা দূৰ ভৱিষ্যত পতিয়ন,
অতীত মৰিল গ’ল তাৰ কথা অন্ত হ’ল
মনৰ পৰাই তাক কৰা বিসৰ্জন।
যিহকে আগত পোৱা, ততালিকে কৰি যোৱা
জীৱন্ত জাগ্রত বর্তমান সময়ত,
সাহস সাৰথি কৰা কর্তব্যৰ পাছে লৰা
ঈশ্বৰ কৰুণাময় আছে ওপৰত ।
মহা মহাপুৰুষৰ - চানেকীৰে জীৱনৰ
আমিও কৰিব পাৰোঁ জীৱন গঢ়িত,
অভিনয় শেষ হ'লে আয়ু বলি মাৰ গলে
থৈ যাব পাৰো খোজ সময় বালিত।
কেতিয়াবা হ'ব পাৰে কোনো দুৰ্ভগীয়া নৰে
জীৱন সমুদ্র মাজে নাও বুৰ গৈ,
অথাই পানীত পৰি কক্বক্ কৰি কৰি
ঢউৰ কোবত যদি আহি পাৰ পায়।
দেখি সেই খোজবোৰ হ’ব তাৰ আশা ঘোৰ
সাহ কৰি খোজে খোজে খোজ লব পাৰে ;
তেনেহলে ব’লা ভাই শুবৰ সকাম নাই
অপূর্ব জেউতি চোৱা উন্নতিৰ শিৰে ।
শিকা সবে পৰিশ্রম শিকাহে নীতি-ধৰম
নেভাবিবা সুখ-দুখ কিনো কপালত ;
কৰাৰ পাছে লৰা ক্রমাগত কাম কৰা
ফলাফল ফলদাতা বিভুৰ হাতত ।
No comments:
Post a Comment