কবিঃ-
দেৱকান্ত বৰুৱা
কোন
দূৰ শতিকাৰ বুৰঞ্জী-বিস্মৃত কোন
সোণালী ক্ষণত,
কোননো
অপ্সৰী আহি ভাঙিলে তপস্যা কাৰ
এটি কটাক্ষত !
তোমাৰ চকুত প্রিয়া! জ্বলে নে বিজুলী সেই ?
সিদিনাৰ দৰে,
উঠে
নে ফুলনি হাঁহি তোমাৰ চেনেহ লাগি
বননি শিঞৰে ?
মেখেলাৰ
পাতলিত জ্বলে নে অযুত তৰা ?
ৰিহাৰ আঁচলে
যি-বসন্ত
অহা নাই, আনে নে সুৰভি তাৰ
কলঙ উথলে ?
যি
পদুম বিচাৰিলোঁ জীৱনৰ খালে বিলে,
ঘাটিলোঁ নর্দমা ;
নোপোৱা
পহুম-পাহি তুমিয়ে নে মোৰ বাৰু ?
হেৰা মনোৰমা !
পদুমৰ
পাহি সৰে, বসন্ত লেৰেলি পৰে,
মাৰ যায় তৰা ;
হাঁহি
আৰু মৰণৰ অপূর্ব আভাৰে দীপ্ত
এই বসুন্ধৰা !
তুমিও
মৰিবা সখী ! শেষ হ’ব খেলিমেলি
এই উপন্যাস ;
তোমাৰ
প্রেমেৰে ৰঙা আজিৰ কবিতা হ’ব
শব্দৰ বিন্যাস ।
সঁচা
আৰু কল্পনাৰ মিছা বোল সনা এই
আমাৰ জীৱন ;
অমৰ
কৰিবা তাক, সানি কিটো অমৃতৰ
নিষ্ফল ৰহণ ?
খন্তেক
যৌৱন প্রিয়া ! শোভিছে খন্তেক মাথো
এই মৃত্যু ভুমি ;
অর্থহীন
জীৱনৰ কৰুণ ৰহস্য এয়া,
অর্থ তাৰ তুমি ।
নিৰুপায়! পৃথিৱীৰ শোভা চাৰি আকাশৰ
বিষাদ-নীলিমা,
তুমি
আৰু মই সজা প্রেমৰ পৃথিৱী এয়া,
—মৃত্যু তাৰ সীমা ।
No comments:
Post a Comment