কবিঃ-সূর্য্যকুমাৰ ভূঞা
সেই
প্ৰলয়ৰ দিনা,
তুমি
প্রভু হাতত ললা তোমাৰ ৰুদ্ৰ বীণা।
আনন্দময়
নাছিল কোনো,
আছিল
নিমাত অৰুণ জোনো,
দিগন্তেদি
উঠিল জ্বলি ভীষণ উদ্দীপনা;
যিদিনা
তুমি হাতত ল'লা তোমাৰ ৰুদ্ৰ বীণা।
চন্দ্ৰ
সি গ’ল কক্ষ এৰি
নতুন
আকাশ বাঞ্ছা কৰি ।
য'ত
যি আছিল কিৰণ-মালা সিয়ো জেউতি হীনা ,
যিদিনা
তুমি হাতত ললা তোমাৰ ৰুদ্ৰ বীণা।
আকাশ
সি হ'ল
ডাৱৰ ঢকা,
নাছিল
ক'তো
বেথা,
সৃষ্টি
জুৰি পৰিল ব্যাপি দোকোল-দাকাল পানী ;
তাৰ
ওপৰে উড়িল প্ৰভু তোমাৰ ৰুদ্ৰ বীণা ৷
সেই
আন্ধাৰত উদিল পুনু লক্ষ তৰা
সেই
বিনাশত জন্ম পালে পুষ্প ধৰা ,
মুছৰিলে
চিন্তা লতা,
নতুন
সুৰৰ নতুন কথা,
বিশ্ব
এৰি পৰিল হিয়াত নতুন সৃষ্টি-কণা;
সিদিনা
তুমি নমাই থলা তোমাৰ ৰুদ্ৰ বীণা ৷
No comments:
Post a Comment