কবিঃ-
আনন্দ চন্দ্ৰ আগৰৱালা
সুখ
সুখ বুলি মানুহ বলিয়া
নেদেখে সুখৰ মুখ ;
সুখ বিচাৰোঁতে পায় সংসাৰত
দুখৰ উপৰি দুখ ৷
নেদেখে সুখৰ মুখ ;
সুখ বিচাৰোঁতে পায় সংসাৰত
দুখৰ উপৰি দুখ ৷
দেখিও নেদেখা কিয় দিন-কণা
সুখযে হাততে আছে ;
যিটে’ দিব পাৰে স্বাৰ্থ-বলিদান,
সুখ ফুৰে পাছে পাছে ৷
পৰৰ অভাৱ, পৰৰ দুখত
হিয়া যদি পমি যায়,
পৰক আপোন কৰিব পাৰিলে
সংসাৰত দুখ নাই ৷
শক্তি-সামৰথ পৰৰ সুখত
বিলাব পাৰিলে ভাই,
পৰৰ কাৰণে কান্দিব জানিলে
কান্দোনতো সুখ পায় ৷
সকলো আপোন যত নৰ-নাৰী ;
কাকনো বুলিম পৰ ?
পৰমপিতাৰ সকলো সন্তান
পৃথিৱী আমাৰ ঘৰ ৷
গাই-গোটা-পেটে- ভঁৰাল নহ’বাঁ ৷
লোকৰ দুখলৈ চোৱাঁ,
মানুহৰ সেৱা, মানুহৰ পূজা,
পৱিত্ৰ বৰত লোৱাঁ ৷
সুখৰ দুখৰ মনেই কাৰণ
মনক কৰিবাঁ থিত ;
ত্যাগত লভিবাঁ পৰম সন্তোষ
সাধিবাঁ লোকৰ হিত ৷
স্বাৰ্থৰ বাটত দুখৰ কাঁইট,
খোজে পতি বিন্ধে হুলে,
স্বাৰ্থৰ বাট, সেন্দুৰীয়া আলি,
সুগন্ধি কুসুম ফুলে ৷
যথাৰ্থ নিঃস্বাৰ্থ ধৰমী জীৱন,
বিস্ব-প্ৰেমে ভৰ-পূৰ,
বিশ্বৰ সকলো ভাই-ভনী তাৰ,
সুখৰ নপৰে ওৰ ৷
নিস্বাৰ্থৰ বাট, সেন্দুৰীয়া আলি
ReplyDeleteএই কবিতাটো পঢ়িলেই জীৱনৰ অৰ্থ থাকে।
ReplyDeleteবিউটিফুল পোয়েম ইন্লভে ইট থন্ল ইউ সোঁ মাচ ফৰ থিস্চ পোয়েম
ReplyDeleteজীৱন গঢ়াৰ অমুঘ অষ্ট্ৰ। অতুলনীয়!
ReplyDeleteসুন্দৰ কবিতা
ReplyDeleteবৰ্তমান যুগত সচাই দৰকাৰী কবিতা।সুখ কি আৰু কত পোৱা যায় কবিতা টিয়ে বুজাই দিয়ে।
ReplyDeleteসুন্দৰ কবিতা।প্ৰকৃত সুখৰ অৰ্থবাহক ,বৰ্তমানৰ যুগত দৰকাৰী অনন্য কবিতা।
ReplyDeleteপুৰণি দিনৰ কৱিতা। পঢ়িছিলো। আবৃত্তি কৰিছিলো। ভাল লাগে। সুখ অনুভৱ কৰো।
ReplyDeleteঅসমীয়া কবিতা, গল্প পঢ়িৱলৈ ইয়াত Click কৰক
ReplyDeleteএক নষ্টালজিয়া কবিতা 🙂❣️
ReplyDeleteসুন্দৰ কবিতা
ReplyDelete