কবিঃ- নকুলচন্দ্ৰ ভুঞাঁ
শুনিছানে ল'ৰাহঁত
লাচিতৰ কথা,
মোগল-বিজয়ী বীৰ ইতিহাসে
লিখা।
অসমক পৰাধীন কৰিবলৈ
বুলি
পাছদিনা অগণন মোগল
সেনাই,
ল'বহি গৰকি দেশ ঘৰত
সোমাই।
- মোগল অহাৰ পিনে লাগে
গড় এটা,
নহ'লে শতৰু আহি লগাবহি
লেঠা।
বৰফুকন সেনাপতি বীৰ
লাচিতৰ,
চকুত পৰিলে ইটো বুধি
মোগলৰ।
ততালিকে মাতি আনি
মোমাইদেৱক,
ক'লে তেও নসহিব হৰক-তৰক।
ৰাতিয়েই হব লাগে পুৱাৰ
আগতে,
বিয়াগোম গড় এটা
শৰাইঘাটতে।
- শেহ ৰাতি আহি দেখে
বহু কাম বাকী,
কিজানি নহ'ব গড় আজিয়েই
ৰাতি।
গৰজি উঠিল বীৰ চকু ৰঙা
কৰি,
মোমাই ক'লৈ গ'ল গড় মৰা
এৰি।
মোমাইদেৱেকে ক'লে,
" কাম কৰি কৰি,
মানুহবোৰ লালকাল য'তে
ত'তে পৰি।
শকতি কুলাই মানে কাম
কৰিছিল,
নোৱাৰে ইহঁতে আৰু ভাগৰি
পৰিল।"
"কি ক'লা মোমাই
তুমি? ভাগৰি পৰিল?
তোমাৰ মুখত এনে কথাও
সৰিল?
জানানে মোমাই তুমি আজিৰ
ক্ষণত
মোমাই ডাঙৰ নহয় দেশৰ
আগত।"
লাচিতৰ তৰোৱাল তিৰবিৰাই
গ'ল,
মোমাইৰ ছিগিল মুৰ- ইনো
কিবা হ'ল।
নহ'বলগীয়া এই ঘটনাটো
দেখি,
য'ত যেনি লোক আছে
সকলোৱে উঠি-
দেহা টানি মৰো জীওঁ
শকতিৰে লাগি,
ৰাতিতে কৰিলে গড়- থকা
ছোৱা বাকী।
গড়ৰ আঁৰত থাকি অসম
সেনাই,
দুই হাতে হিলৈ মাৰি
মোগল খেদাই।
সোৱাধীন অসমৰ ৰাখিলে
কিৰিটী
দেখুৱালে জগতক দেশৰ
পীৰিতি।
লাচিতৰ পো-নাতি তোমালোক
সোণ,
ৰখিব লাগিব সেই তাহানিৰ
গুণ।
নীচ ভাৱ, নীচ কাম
পৰিহাৰ কৰি,
ওজা আৰু আইতাৰ ভাল কথা
শুনি।
হ'বা তোমালোক সোণ- বীৰৰ
পোৱালি,
হাঁহি মুখে কৰি ল'বা
নিজক সোণালী।
- অসমৰ মাটি পানী অসমৰ
হাৱা,
সোৱাধীন অসমৰ হাবি বন
চোৱা।
তোমালোকে গিৰিহঁত
লাচিতৰ ডেকা,
ৰাখিব লাগিব মান
হই একা চেকা।
বীৰৰ পোৱালি তুমি,
তুমিও যে বীৰ,
হ'বা মাথোঁ সাহিয়াল,
হ'বা মাথোঁ বীৰ।
লাচিতৰ গুণখিনি মনলই
আনি,
দেশত শুনাবা সোণ অভয়ৰ
বাণী।
No comments:
Post a Comment