কবিঃ- মঃ চোলেইমান খাঁ
কেনেনো জোনাক নিশা চোৱা
আজি ভাই
দেখিলেই দেহা মন জুৰ
পৰি যায়।
জোনটিয়ে আকাশত জক্মক্
কৰি
চোৱাচোন জ্বলি আছে কেনে
শোভা ধৰি।
নই, বিল, ঘৰ-বাৰী
সকলোতে আহি
ৰূপালী জেউতি পৰি আছে
যেন হাঁহি।
তৰাবোৰ কেউকাষে তিৰ্বিৰ্
কৰি
হাঁহে আৰু নাচে চোৱা
কেনে ছেও ধৰি।
অসীম আকাশ জুৰি শোভে
বিতোপন
যাক দেখি আনন্দত নাচি
উঠে মন।
সকলো শোভাৰ গিৰি সেই
বিশ্বপতি
একমনে সিজনক কৰোঁ মই
নতি।
পুৰণি কবিতা।
ReplyDeleteএটা আপুৰুগীয়া সম্পদ পুনৰ উদ্ধাৰ কৰিব পাৰি মনটো আনন্দত আত্মহাৰা হৈ পৰে।
চাৰ,
আপোনাক সশ্ৰদ্ধ প্ৰীতিৰে ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিলো 🙏