কবিঃ- মঃ চোলেইমান খাঁ
ৰাতিপুৱা হ'ল উঠা সোণফেৰি
উঠা গিৰিসাই ঢাৰি-পাটী এৰি।
নুশুবা-নুশুবা উঠা ঘপৰাই
এতেপৰ কেও শুই থকা নাই।
ৰীণা, বীণা,মীনা উঠিল আটাই
এলাহতে কেও শুই থকা নাই।
সকলোৱে চোৱা পুথি মেলি লই
শিকে নিজ পঢ়া মন থিৰ কই।
আৰু চোৱা সৌ পূৱ
আকাশত
ৰঙা বেলি উঠে কেনে উলাহত।
চৰাইবিলাকে গছে গছে পৰি
বিধে বিধে গায় নানা ছেও ধৰি।
গছে গছে ফুল কতনো ফুলিছে
গোন্ধ লই জুৰ বতাহ বলিছে।
চোৱা আৰু সউ উঠিল মহিম
উঠিল কমল উঠিল কৰিম।
বনত বলিয়া মউমাখিবোৰে
ফুলে ফুলে মউ পান কৰি ফুৰে।
এতেকতে তুমি উঠা লৰালৰি
পানী লই ধোৱা হাত মুখ ভৰি
কিছুপৰ ফুৰি পুথি মেলি লই
শিকা নিজ পাঠ মন থিৰ কই।
No comments:
Post a Comment