কবিঃ- মফিজুদ্দিন আহমদ হাজৰিকা
গধূলি হইছে মলয়া বইছে
বেলিটি গইছে বুৰি;
সোণালী বৰণে পৰি হাবি-বনে
চমকে পৃথিৱী জুৰি।
ৰঙালী ছবিটি বুকুৰে সাৱটি
নাচিছে ডিবুৰু নই;
জপনা জাপিছে ৰখীয়া চাপিছে
দমৰা-দামুৰী লই।
চৰাই-চিৰিকতি আহিছে উলটি
আপোন বাঁহলৈ উৰি;
হালোৱা-হজুৱা কানীয়া-ভঙুৱা
টোকোৰা পঁজালৈ ঘুৰি।
আমোলা মহৰী অফিচ সামৰি
বজাৰ বেহানি লই,
ঘৰলৈ উভটি আহিছে
বাবুটি
বিতত বিচূৰ্তি হই।
সন্ধিয়া নামিছে মেলানি মাগিছে
দিনেও ৰাতিলৈ চাই,
ৰ'দালি নুমালে ৰান্ধনী সোমালে
ল'ৰায়ো পাতিছে হাই।
পোহৰো বুৰিছে আখাটি জ্বলিছে
বোৱাৰী-জীয়ৰীহঁতে,
কুটনি-বাচনি লাচনি-পাচনি
কৰিছে আপোনামতে।
ল'ৰাই ধৰিছে আমনি কৰিছে
থিতাতে লাগে ঔ ভাত,
এনেকৈ থকাতে একেটি ঢকাতে
মাকেও কৰিছে শাঁত।
সকলো ঘৰতে এইটি পৰতে
জ্বলিছে অলেখ চাকি,
অজলা চগাই পিৰিতী
লগাই
দিছেহি জীৱটি বাকি।
যেতেকে পৰিছে তেতেকে চৰিছে
নুশুনি নামানি হাক,
পদূলি পদূলি খেলিছে গধূলি
ল'ৰা-ছোৱালীৰ জাক।
ঝি-ই-ই বুলিয়ে গাইছে ঝীলিয়ে
প্ৰভূৰে মহিমা গীত,
একান্ত মনেৰে অনন্ত জনৰে
বিছাৰি আপোন হিত।
No comments:
Post a Comment