কবিঃ- ভগৱতী প্ৰসাদ বৰুৱা
গোলাপৰ কোমল কোলাত
নিয়ৰৰ একণি টোপাল,
নীৰৱতে পাহি
মেল খায়,
সকলোটি
নিমাত-নিটাল।
দুপৰৰ সূৰুজে যেতিয়া
মেলিলেহি পোহৰৰ জাল,
হাঁহি-মুখে
নিয়ৰৰ প্ৰাণ
গোলাপৰ বুকুতে লুকাল।
শুনা আজি তাহানিৰ মোৰ
জীৱনৰ প্ৰথম অধ্যায়,
ধীৰে ধীৰে ধীৰে মেল খাই
তেতিয়াও মাৰ যোৱা নাই।
পুৱতিৰ সেই পোহৰত
তুমি মোৰ ওচৰ চাপিলা,
পোহৰতে
এন্ধাৰেৰে মিলি
তুমি মোক সাবটি ধৰিলা।
পোহৰৰ এন্ধাৰৰ চাকি
চাঁট কৰে এবাৰ নুমালে,
কিবা এক নতুন পোহৰে
জগতৰ জেউতি চৰালে।
এয়ে পোহৰৰ এন্ধাৰৰ মেলা
তুমি দেখোঁ সুত কৰে গই
মোৰ হৃদয়ৰ পৱিত্ৰ থাপনা,
তাতে বহি আছা মাত-বোল থই।
তেতিয়াৰ পৰা আৰু মোৰ
মাতিবৰ মন যোৱা নাই,
মাথোঁ ধূপ আৰু ধূনাৰ গোন্ধত
অন্তৰত নই বই যায়।
নীৰৱতা সোণৰ সঙ্গীত,
নীৰৱতা সুললিত তাল।
তোমাক বুকুতে লই
নাও মোৰ নীৰৱে চলিছে,
এই মহাসিন্ধু নীৰৱতা ভেদি
ক’ত জানো অন্ত পৰিছে!
No comments:
Post a Comment