ভাল পাঁও আকাশৰ মেঘৰ ধেমালী,
বেলিৰ লগত থাকে লুকা ভাকু খেলি
ভাল পাঁও পথাৰৰ ৰং সেউজীয়া,
ধাননি কঁপাই বোৱা বতাহ বলিয়া।
ভাল পাঁও পুৱতীৰ কোমল ৰ’দালি,
দেখা দিয়া কুঁৱলীৰ বগা জাল ফালি।
ভাল পাঁও মাক মোৰ অতি মৰমৰ,
মোৰ বাবে যাৰ নাই চিন ভাগৰৰ।
ভাল পাঁও দেউতাৰ স্নেহ সনা মুখ
মোৰ বাবে তেও সহে কিমান যে দুখ।
ভাল পাঁও সমনীয়া লগৰীয়া বোৰ,
যাৰ বাবে নাই কাম আৰু ধেমালীৰ ওৰ।
ভাল পাঁও মোৰ দেশ যত উপজিলোঁ,
য’ৰ ধূলি মাটিৰেই জীৱন গঢ়িলোঁ।
ভাল পোৱা বস্তু ভৰা এই যে পৃথিৱী,
কোনেনো স্ৰজিলে বাৰু, তাকে থাকোঁ ভাৱি।
বি. দ্ৰ. :- দীপমণি শইকীয়া আৰু তেওৰ বন্ধুসকললৈ ধন্যবাদেৰে
কোনেনো স্ৰজিলে বাৰু, তাকে থাকোঁ ভাৱি।
বি. দ্ৰ. :- দীপমণি শইকীয়া আৰু তেওৰ বন্ধুসকললৈ ধন্যবাদেৰে
সুন্দৰ সংগ্ৰহ। প্ৰশংসনীয়।
ReplyDeleteনষ্টালজিক হৈ পৰিলো
ReplyDeleteকবিজনৰ নামটো পাহৰিছো , জনাব নেকি ?
ReplyDeleteআমিও নিশ্চিত নহয় বাবে দিয়া হোৱা নাই
Deleteএই কবিতাটোৰ কবি নৱকান্ত বৰুৱা।
Deleteভাল লাগিল । পুৰণি কবিতা ।
ReplyDeleteকবি....কোন
ReplyDeleteবহুত ভাল লাগিল....
মই আবৃতি কৰিব বিছাৰো...🤔 কিন্তু কবিৰ নাম নাজানো😥😥😥
কবি = নৱকান্ত বৰুৱা।
Deleteকবি ককা নীলমনি ফুকন
ReplyDeleteকবিতাটো পঢ়ি ভাল লাগিলVisit Assam Career
ReplyDelete❤❤❤❤❤❤
ReplyDeleteদাদা ২০০০ চনৰ প্ৰথম শ্ৰণীৰ কিতাপ সংগ্ৰহ কৰে যেন।
ReplyDeleteকিতাপখনৰ পৃষ্ঠাবোৰৰ ফটো তুলি কোনোবাই দিব পাৰিব নেকি?
Deleteধন্যবাদ
ReplyDeleteআজিও মুখস্থ আছে কবিতাটি ।
ReplyDeleteভাল লাগিল ।। পুৰণি কবিতাৰ ৰস সুকীয়া সদায়
ReplyDeleteকোনোৱে কবিতাটোৰ মূল ভাৱ কব পাৰিবা নেকি
ReplyDeletehttps://cmaaa.in/
ReplyDeleteVery helpful post. Check this: https://cmaaa.in/
ReplyDelete