(১)
| যি ল'ৰাই পিতৃ-মাতৃ- | কথা মতে চলে | |
| যি ল'ৰাই সহে কেঁৱে | টান কথা কলে ! | |
| যি ল'ৰাই কৰে, যিটো | ওজা দেৱে কয়, | |
| যি ল'ৰাই ভাল দৰে | ফলি পুথি থয়। |
(২)
| যি ল'ৰাই নিতে যায় | পঢ়াশালি লই, | |
| যি ল'ৰাই পঢ়ে সদা | মন থিৰ কই । | |
| যি ল'ৰাই ধেমালিত | কাল নিনিয়ায়, | |
| যি লৰাই কেতিয়াও | কাকো নোজোকায় |
(৩)
| যি ল'ৰাই সকলোকে | মিঠা মুখে মাতে, | |
| যি ল'ৰাই বেয়া এৰি | চলে ভাল বাটে। | |
| যি ল'ৰাই ঘৰে পৰে | নকৰে কোঢ়াল, | |
| যি ল'ৰাই এলাহত | নকটায় কাল । |
| যি ল'ৰাই বেথা ৰাখে | ভাই-ভনী লই, | |
| যি ল'ৰাই দোষ কৰি | নেমাতে আসই। | |
| যি ল'ৰাই কৰে মান | দেখি ডাঙৰক, | |
| যি ল'ৰাই পুতৌ কৰে | দুখীয়া লোকক । |
(৫) | ||||||||
| যি ল'ৰাই কাৰো প্ৰতি | নেদেখায় খঙ, | |||||||
| যি ল'ৰাই অসাধুৰ | নিবিচাৰে সঙ। | |||||||
| যি ল'ৰাই নিতে নিতে | পঢ়া দিব পাৰে, | |||||||
| যি ল'ৰাই অঁকৰাক | মুখ নিসিয়াঁৰে। |
(৬)
| যি ল'ৰাই মিছা কোৱা | পাপ বুলি জানে, | |
| যি ল'ৰাই পৰ-বস্তু | চুৰ কৰি নানে। | |
| যি ল'ৰাই পৰ-দোষ | ৰাখে গুপুতত, | |
| যি ল'ৰাৰ পেঁচ নাই | খাবৰ পৰত। |
(৭)
| সি ল'ৰাকে সকলোৱে | ভাল বুলি কয়, | |
| য'তে ত'তে যাৰে তাৰে | প্ৰিয়-পাত্ৰ হয়। | |
| হেন জানি হেৰা বোপা! | কওঁ বাৰে বাৰ, | |
| পাবলৈ সিবোৰ গুণ | কৰা কাৰবাৰ। |
No comments:
Post a Comment