(১)
| পথাৰত গই বোপা! | আহা তুমি চাই, | |
| কত দুখ কৰি খেতি | কৰে হালোৱাই। | |
| নেজানে পিয়াহ ভোক | নেজানে ভাগৰ, | |
| দুখতেই পানী কৰে | তেজ শৰীৰৰ। |
(২)
| এই দৰে বহু কষ্টে | ততাতৈয়া কৰি, | |
| যত পাৰে তত লয় | বতৰতে কৰি। | |
| তেহে জন্মে নানা শস্য | উপচি পথাৰ, | |
| যাক দেখি ৰঙ্ লাগে | মনত অপাৰ। |
(৩)
| তোমাৰো কোমল মন | মাটিৰে সমান, | |
| লিখা-পঢ়া খেতি আৰু | শস্য তাৰ জ্ঞান । | |
| লিখা-পঢ়া খেতি কৰাঁ | জ্ঞান শস্য পাবা, | |
| সেয়ে হলে ডাঙৰত | মহা সুখে খাবা। |
No comments:
Post a Comment