Wednesday, 19 August 2026

শোক-সঙ্গীত

 ১ 

প্ৰাণৰ ভনীটি তই
 কলৈ নো গলি,
সাগৰৰ ঢউ যেন।
 কত লীন হলি?

দুদিন দুসাঁজ আহি
 সংসাৰত খালি,
দুদিনলৈ বাপেকীৰ
 ঘৰ পোহৰালি।

আজলী বিজুলী তই
 মেঘৰ মাজত,
দুদণ্ডলৈ পোহৰাই
 লুকালি আঁৰত।

8

কলৈ গলি কোন দেশে
ক’ত্‌ ঠাই ললি,
নুফুলে নে আৰু বাৰু
সৰা ফুল-কলি;

সি ঠাই কিমান দূৰ,
ক’ৰ নিজানত,
দুনাই কি দেখাদেখি
নহব লগত? 

 

বাপেকীৰ সংসাৰত
 ফুলিলোঁ হালেই,
বাঢ়িলোঁ আনন্দ মনে
 আলৌলোৱা হই।

একেলগে পুথি লই
 পঢ়িবলৈ যাওঁ,
একেলগে আকাশলৈ
 চিলা উৰা চাওঁ।

একেলগে আমনিৰ
 কুলিক সিঞাৰোঁ,
বালি-ধূলি লই হাঁয়!
 কত ৰং কৰোঁ।

য়ো বহি চোতালত
 কত নাম গাওঁ,
ঘেত বিজুলী দেখি
 তধা লাগি চাওঁ।

১০

জহকালি জুৰ লওঁ
 শীতল পাটীত,
জাৰকালি বহোঁ দুয়ো
 ৰদ-কাঁচলিত।

১১

একে লগে বলমত *
 নাদুৰি সাঁতৰি
উঠি আহোঁ বুৰ মাৰি
 শেহত ভাগৰি।

১২

ভাবিছিলোঁ এই দৰে
 সুখে দিন যাব,
কদাপিতো ভাই-ভনী
 বিচ্ছেদ নহব। 

 

১৩

কিন্তু হাঁয়! কালক নো
 কোনে পতিয়ায়,
আজি যাক দেখোঁ সুখী
 কালি কন্দুৱায়

১৪

পল পল দণ্ড কৰি
 কাল বই যায়,
নিৰদয় কালে কাৰো
 মুখলৈ নাচায়।

১৫

অমৰণ অভগন
 আদি-অন্ত হীন,
কালৰ গৰ্ভত জীৱ
 হই যায় লীন।

১৬

কদম, কেতেকী, জাঁই,
 গোলাপ, বকুল,
নিশা নিয়ৰত ফুলে
 আৰু যত ফুল,

১৭

কালৰ সঙ্কেতে ধ্বনি
 শুনি চমকিত,
উটি যায় মৰণৰ
 ঢউ-ধেমালিত।

১৮

ঘুৰিছে সদাই হাঁয়!
 কালৰ চকৰি,
লোৰ শিকলিৰে মুখ
 বান্ধিব নোৱাৰি।

১৯

কালি ৰাম ৰজা হব
 কত মনে আশ,
কিন্তু কোনে জানিছিল
 হব বনবাস?

২০

দুৰন্ত শমনে আহি
 হৰিলে এটিক,
হৰিলে প্ৰাণৰ মোৰ,
 সাদৰী ভনীক।

২১

ভনীটিৰ পুষ্প-প্ৰাণ
 নিলে উৰুৱাই;
‘যাওঁ’ বুলি গলি তই
 ঘৰ উৰুঙ্গাই!

২২

ঢাকিলে বিষাদ-মেঘে
 সুখৰ সংসাৰ,
বায়ু-সাগৰক ভেদি
 উঠে হাহাকাৰ।

২৩

অনন্তৰ এটি জীৱ
 দুদিনলৈ আহি,
লুকাল অনন্ত গৰ্ভে
 দুদিনলৈ হাঁহি।

২৪

ৰল দুদিনীয়া স্মৃতি
 বলম-কাষৰ,
দুহাত কাপোৰ বগা
 মৰিশালি-ঘৰ।

২৫

ওঁ’ বুলি গলি তই
 প্ৰাণৰ ভনীটি,
ন্দি মৰে পৰিয়ালে
 নেচালি উলটি।

২৬

সঁচাকৈয়ে গলি তই
 মুদিলি নয়ন,
সঁচাকৈয়ে ললি তই
 অনন্ত শয়ন।

২৭

খন্তেকীয়া ছায়াবাজী
 ধূলি-ধেমালিৰ,
অন্ত হল খন্তেকীয়া
 হাঁহি মানবীৰ।

২৮

হেৰাঁ দীননাথ তুমি
 দয়াৰ আধাৰ,
পূৰোৱাঁ প্ৰাৰ্থনা এই
 দীন অভাগাৰ।

২৯

সংসাৰ ফুলনি-বাৰী
 তোমাৰ বিহাৰ-থল,
অকালে সৰিল এটি
 তোমাৰ পবিত্ৰ ফুল।

৩০

তোমাৰ সন্তান প্ৰভু,
 তুমি নিছাঁ কাঢ়ি,
সুখৰ ঠাইত ৰাখি
 দিবা শান্তি-বাৰি।

 

No comments:

Post a Comment