Wednesday, 19 August 2026

আজি আৰু কালি। (কবি Charles Mackay-ৰ “Today and Tomorrow” নামে ইংৰাজী কবিতাৰ ভাঙ্গনী। )

কবিঃ আনন্দচন্দ্ৰ আগৰৱালা

সৌভাগ্যই লাগ দিলে, যদি কেতিয়াবা,
 ফুল ফুল আমাৰ বাটত, 
কেতিয়া চাপৰি তুমি সিফুল গোটাবা?
—আজি, হেৰাঁ আজিৰ দিনত।

যদি দেখা ভবিষ্যৎ দুখৰ সপোন
 সৌভাগ্যই এৰা দিব বুলি,
কাহানি বেজাৰ কৰি থাকিবা বিমন?
 —কালিলৈ, হেৰাঁ অহা কালি।

যিজনে কৰিলে হেৰা আমাৰ অন্যায়,
 তেওঁ যদি দোষ গাত লই
ক্ষমা মাগে, কেতিয়া নো মৰষিবা দায়?
 —আজি, হেৰাঁ খেমা আজিয়েই।
কঠোৰ কৰ্ত্তব্য যদি কৰোঁতে পালন,
 আলচিছা গালি দিবলৈ,
কেতিয়া নো গঞ্জনাৰ বুলিব বচন?
 —কালি, হেৰা অহা কালিলৈ। 

 

আমি যদি ধাৰে আনি নুশুজাত ধাৰ,
 ধাৰে দিয়া পৰে অভাৱত,
কেতিয়া কৰিবা সাধ্যমতে প্ৰতিকাৰ,
 -আজি, হেৰা আজিৰ দিনত।
আমাৰ ধৰুৱা যদি শুজিবলৈ ধাৰ
  অপাৰগ সৰ্বস্বান্ত হই,
কাহানি সাধিবা ধাৰ, লগাবা বিচাৰ?
 কালি, হেৰাঁ অহা কালিলৈ।

বিমল আনন্দ আৰু সুকৰ্ম্মৰ হেতু
 নাথাকে মুহূৰ্ত্তবোৰ ৰই,
ছেগ বুজি কাম কৰা সৌভাগ্যৰ সেতু,
 আজি হেৰাঁ কৰা আজিয়েই।
ছেগ গলে ছেগ আৰু নাহে সতৰাই
 শোক, দুখ, খং আৰু গালি
সঘনে আহিব পাৰে, থবা আঁতৰাই,
 কালিলৈ, হেৰাঁ অহা কালি।

No comments:

Post a Comment