(১)
| খঙ, অতি বেয়া বস্তু | হেৰা লৰাহঁত ! | |
| খঙৰ সমান শত্রু | নাই জগতত । | |
| ওপজে খঙৰে পৰা | সকলো জগৰ, | |
| খঙতে হেৰায় কাৰো | জীৱন নিজৰ । |
(২)
| কটাকটি মৰামৰি | ভায়ে ভায়ে হয়, | |
| খঙেইহে তাৰো গুৰি | জানিবা নিশ্চয়। | |
| খঙতে নিজৰ লোকো | হই যায় পৰ, | |
| খঙতেই ছিগি যায় | ডোল মৰমৰ । |
| খঙতেই কত লোকে | ভুঞ্জে নানা দুখ, | |
| নেপায় খঙাল লোকে | এফেৰিকে সুখ। | |
| এই বাবে কওঁ মই | দঢ়াই দঢ়াই, | |
| সদায় খঙক বোপা! | ৰাখিবা দমাই । |
No comments:
Post a Comment