( ১ )
| সুখ নাই তাৰ যিটো | এলেহুৱা হয়, | |
| এলাহ ডাঙৰ ৰোগ | জানিবা নিশ্চয়। | |
| এলাহতে পৰি লোকে | নানা কষ্ট পায়, | |
| গুছাবলৈ কষ্ট তেও | নেভাবে উপায়। |
( ২ )
| সিলোকে মৰিব পাৰে | বনৰ নামত, | |
| খাবলই ভাল কিন্তু | বিচাৰে মনত। |
| ডাবি হুকি দিয়া যদি | এলেহুৱা বুলি, | |
| তথাপি নিলাজ হই | সহিব সমূলি।
|
(৩)
| দিনে ৰাতি ধোদ বুলি | যদি লাজ দিয়া, | |
| তেও বন কৰাওঁতা | কেওঁ নাইকিয়া। | |
| এই দৰে এলেহুৱা | যিটো লোক হয়, | |
| মিছাতে নিয়াই দিন | দেহা কৰে ক্ষয় । |
(৪)
| হেন জানি হেৰা লৰা ! | উপদেশ ধৰাঁ, | |
| পাচে সুখী হবলই | যদি আশা কৰা, | |
| তেন্তে কাল নকটাবা | এলাহত পৰি ; | |
| খেদি দিয়াঁ খেদি দিয়াঁ | তাক দূৰ কৰি । |
No comments:
Post a Comment