Wednesday, 19 August 2026

ঈশ্বৰ। (‘Thou Ard God,’ নামে ইংৰাজী কবিতাৰ ভাঙ্গনী। ) |

 কবিঃ আনন্দচন্দ্ৰ আগৰৱালা

হে ঈশ্বৰ, তুমি হোৱাঁ জীৱন-পোহৰ,
দেখোঁ মানে আচৰিত বস্তু জগতৰ;
নিশাৰ জোনাকী হাঁহি, দিনৰ পোহৰ,
তোমাৰ জেউতি মাথোঁ, চিন গৌৰৱৰ।
জিলিকে জেউতি তযু যেই পিনে চাওঁ,
সুন্দৰ তোমাৰ সৃষ্টি মাথোঁ দেখা পাওঁ।

সুৰুঙ্গাৰ মাজে মাজে ৰঙ্গা ডাৱৰৰ,
সন্ধিয়াৰ ৰঙ্গা বেলি বিতৰে পোহৰ;
সোণোৱালি জিলিকনি চাই একে থৰে,
ভাবোঁ আমি সেই পিনে বাট স্বৰগৰে;
ৰঙ্গালি বেলিৰ সেই কোমল কিৰণ,
উজ্জ্বল জেউতি প্ৰভু, তোমাৰ সৃজন।

তৰা-বচা পাখিবোৰে নিশাৰ শুৱনি,
যেতিয়া ধৰেহি ঢাকি আকাশ অৱনী,
পৰে যেন কলা এটি চৰাই ধুনীয়া,
গোটগায়ে গুটি ফুল সোণ-বৰণীয়া।
স্বৰগৰ তৰা আৰু পবিত্ৰ আন্ধাৰ,
অলেখ অসীম মহা মহিমা তোমাৰ।

গাভৰু বসন্ত আহি হলে উপস্থিত,
তোমাৰ সুদৃষ্টি পৰি ফুলে ফুলনিত,
বসন্তৰ যত ফুল ধুনীয়া ধুনীয়া,
গোন্ধতে আমোলমোল নানা বৰণীয়া।
জিলিকে জেউতি তযু যেই পিনে চাওঁ,
সুন্দৰ তোমাৰ সৃষ্টি মাথোঁ দেখা পাওঁ।

No comments:

Post a Comment