কবিঃ আনন্দচন্দ্ৰ আগৰৱালা
টোপনি-জালত মই দেখিলেঁ সপোন,
ভাবিলোঁ মাধুৰীময় মানবী জীৱন।
সাৰ পাই উঠি দেখোঁ সকলোটি ভুল,
কৰ্ত্তব্য-সাধন মাথোঁ জীৱনৰ মূল।
উচৰ্গিব পাৰোঁ যদি ক্ষুদ্ৰ ই জীৱন,
মানুহৰ সেৱা আৰু হিতৰ কাৰণ,
ধৰমত মতি ৰাখি বলত সত্যৰ,
কৰোঁ যদি ৰাজ-সেৱা কল্যাণ দেশৰ,
কৰোঁ যদি প্ৰিয় কাৰ্য্য বিভুৰ সাধন,
বিভুত অচলা ভক্তি, সাৰ্থক জীৱন।
No comments:
Post a Comment