কবিঃ-ৰঘূনাথ
চৌধাৰী
হে মোৰ হৃদয় দেৱতা?
কৰুণ ৰোদণ তুলি ভাঙি দিলা কিয়
প্ৰাণৰ নিবিড় নীৰৱতা?
জীৱনৰ সন্ধিক্ষণ বিয়লি বেলাত
হিয়া ধুনি উঠে কোলাহল;
আৰু কিয় তিক্ত ব্যথা ৰিক্ত হৃদয়ত
ঢালি দিয়া তীব্ৰ হলাহল?
কোন কাহানিয়ে তুমি হৰি নিচা মোৰ
প্ৰীতিভৰা প্ৰণয়ৰ লাড়ু,
অন্তৰ্দাহী ৰাৱণৰ চিতা জুইকুৰা
কোনদিনা নুমাব নো আৰু?
আনন্দৰ পূৰ্ণ মাত্ৰ শূণ্য আজি মোৰ
কেউপিনে দেখোঁ হাঁহাকাৰ--
দাবাগ্নিৰ দহনত দেৱদাৰু তৰু
পুৰি ডেই হ'ল ছাৰখাৰ।
মাৰিছিলা শক্তিশেল তাহানি যিপাট
যোৱা নাই সি বিষ জামৰি,
বেদনাৰ যত অস্ত্ৰ কৰিছো প্ৰয়োগ
বুকু পাতি লৈছো সামৰি।
হিয়া ভগা বিষাদৰ তিতি অশ্ৰু জলে
পাহৰিছোঁ সংসাৰ মৰম;
ভাৰাক্ৰান্ত চিত্ত আজি উদ্বেলিত কৰি
কিবা সুখ পালা প্ৰিয়তম?
মৰহিছে জীৱনৰ দুৰ্লভ মাধুৰী
নোৱৰিলো আকাঙ্ক্ষা পুৰাব;
আহিছে প্ৰাণত আজিত ক্লান্ত অৱসাদ
দিয়া মোক শান্তিৰে জুৰাব।
যাতনাত নিপিড়ীত ওৰে জীৱনত
কঢ়িয়ালো যত আবৰ্জনা,
তোমাৰেই অৱদান বুকুত সাৱটি
অন্তিমত লভিম সান্ত্বনা ।
জ্বলিছে দূৰত সউ প্ৰলয়ৰ শিখা,
ধৰিছে কি ৰূপ বিতোপন!
সেয়ে মোৰ ফুলশয্যা ৰক্ত কমলৰ,
লম তাতে অনন্ত শয়ন।
No comments:
Post a Comment