কবিঃ
—মৌলৱী
মফিজুদ্দিন আহমদ হাজৰিকা
হেৰা, হেৰা, হাটৰুৱা, মৰমৰ ভাইহঁত,
নেৰিবা, নেৰিবা মোক এই
মায়া-বজাৰত ।
দুহাত
যুৰিছোঁ মই কাবউ-কাকূতি কৰি;
অকলে
নেৰিবা মোক আলাই-আথানি কৰি।
তোমালোকে
যোৱা গই, মোকে হেৰা লই যোৱা—
দুখীয়া
নিচলা বুলি এফেৰি উভতি চোৱা।
হাতৰ
লাখুটি ই যে, মেলি দিছো, হেৰা ভাই,
ধৰা,
ধৰি কোনোমতে নিয়া মোকে আগুৱাই।
কেনিনো
যাবগৈ লাগে, চকুৰে নমনো মই ;
খুন্দা
ও খুন্দলি খাই, যেনি তেনি পৰোঁগই ।
আমাৰ নিচিনা এনে দুখীয়া লেহেৰা দেও এ
ই
বিশ্ব-বজাৰত নাই আৰু ক’তো কেও,
সি
দেখি মাতিছোঁ মই, অত যে মিনতি কৰি ;
আহ
আহা, ভাইহঁত
নিয়া মোক বাহু ধৰি
বেছিতো
নেলাগে মোক, এফেৰি পোহৰ মুঠে ;
তাকে
পালে উলাহতে, হিয়া মোৰ নাচি উঠে ।
এটুপি
চকুৰ লো, এখনি কোমল হিয়া,
এষাৰি ‘আয়ৈ দেহি’,
আৰু এটি হুমুনিয়া ;
-ইয়াৰ
উপৰি আৰু একোকে নেলাগে মোক
ইয়াকে
পালেই, মোৰ গুচি যাৰ যত শোক ।
আমনি
নকৰো আৰু কাকো কতো, হেৰা ভাই
আঁহা -আঁহা-ঘুৰি আহি, মোকো নিয়া আগুৱাই।
আগে
আগে তোমালোক, পিছে পিছে ময়ো যাওঁ
তযু
পোহৰৰে যেন, এচেৰেঙা ময়ো পাওঁ,
নহলে
মৰিম মই আলাই-আথানি হই ;
কেনিবাদি
এন্ধাৰত খালে বামে পৰি অই ৷
ওখোৰা-মোখোৰা
বাট তাতে ই এন্ধাৰ ঘোৰ
তাৰোপৰি
দুই কান্ধে, মেটমৰা বোজা মোৰ ।
খোজে
পতি উজুটিত চুলি আগে গৈছে জীৱ ।
হায়
আগে জনা হলে, আজি এনে দশা কিয় ?
বজাৰতে
ভোল্ গলো, লীলা-মলা চাই চাই –
চাকি, তেল, শলিতা, যে নেবেহালোঁ হয়, হায়,
এ
তিয়া
বুৰিলে বেলি হলেহি আন্ধাৰ ঘোপ,
লাহে
লাহে ভাগিলেহি গৰাকীৰো দল্দোপ ।
অকলে
কেনেকৈ যাওঁ কি হ’ব উপায় মোৰ
সাৰথিও
নাই, নাই
কিম্বা চাকি বন্তি জোৰ ।
নিগমে
মৰিলো মই, কোন কেনি আছহক,
উধাৰাহি
আজি এই দিনকণা অধমক ৷
এনেনো
ধেন্দেলা মোক বিধিয়ে কৰিলে হায়,
উহু কি কপাল পোৰা ভৰিও পিচলি যায়
!
খোজে
পতি ঘৰামুটি ঘনে টেলেঙনি খাওঁ ;
"সহায় সহায়" কৰি ইপিনে সিপিনে চাওঁ ,
নেপাওঁ
কেনিও হায়, এখনি সহায়-হাত ।
নুশুনো
কেনিও হায়, এষাৰি শুৱলা মাত ।
যাৰেই
গুৰিলৈ যাওঁ , সেয়ে মুখ ওফোন্দায়
চকুহে
টেলেকা কৰি, গোঙোৰাকৈ ঘূৰি চায় ।
যেয়ে
সেয়ে চেই চই, য'তে ত’তে দূৰ দূৰ ।
যাকে
মাতো, সেয়ে,মাৰে কিল-ভুকু, লাথি, গোৰ ।
হায়, কি কপাল মোৰ,
এয়েনে আছিলে লেখা !
উহু
কি এন্ধাৰ বাট, নেপাওঁ অকণো দেখা !
সাৰথি
মাথোন এই–কণাৰ লাখুটি ডালি
তাৰেহে
খোপনি পুতি, কোনোমতে হালি জালি,
এখুজি
খুজি কৰি আহিছো, হে ভাইহঁত,
নেঠেলিবা-নেঠেলিবা,-লোৱা মোক কাষৰত
কাবউ
কৰিছো মই, দুখনি ভৰিত পৰি
নিচলা
আতুৰ বুলি, নিয়া মোকে ধৰি ধৰি।
খন্তেকলৈ
খেনি কৰি, খন্তেকলৈ অপমান,
কিন্তু
ভাই, নাহকতে
বিনাশিবা এটি প্রাণ ?
এতেকেহে, লগে-ভাগে, নিয়া নিয়া বাহু ধৰি
কোনোমতে, ময়ো যাতে যাব পাৰো,
মৰি-পৰি ।
দেখোঁ-অত
কাকৃতিতো নাহিলে যে কেও হায়
মানুহৰ
পৰা তেন্তে আশা আৰু নাই নাই ।
এবে
তোমাকেহে খাটোঁ হে প্ৰভু দয়াময়—
এহি
মহা বিপদত বিতত বিচূৰ্তি মই ;
কেৱে
নেতাৰিলে মোক - নেলাগিলে কাৰো বেথা;
তুমিয়েহে তৰোৱাহি, ভাঙ্গি এই মহা
লেঠা ;
অগতিৰে
গতি তুমি, অনাথৰ নাথ শুনো ;
তেন্তে
ই বিলাই মোৰ, চাই আছা কেনেকৈনো ?
কণা
অধমৰ ফালে, কৃপা-চকু মেলি চাই,
তাৰাহি
হে দয়াময়, ৰসাতলে গলে হায়!
No comments:
Post a Comment