কবিঃ- দূৰ্গেশ্বৰ শৰ্মা
কালিৰ
সন্ধিয়া বেলিকা
পাতৰ
মাজত থকা সৰু কলিটি;
আজি
দেখিলোঁ এতিয়া
ৰূপে-ভৰা
ফুলি থকা সৰু হাঁহিটি।
কালি
দেখি ভাল পাই,
আনো
বুলি অনা নাই,
এবেলি
চকুৰে চাই
লভিছিলোঁ
মৰমৰ বুজনি এটি;
নাছিল
ছিঙিম মোৰ ভাব এনেটি।
আজি
দেখি মন মোৰ,
চাপি
যাব খোজে তোৰ,
খোজে
আজি হব চোৰ,
কোষলৈ ছিঙি আনি তোৰ
হাঁহিটি,
মিহলাই
তোৰ-মোৰ হাঁহি দুয়ুটি।
মূৰ
দাঙি দেখা পাওঁ,
য’লেকেবা গুচি যাঁও,
লুকালেও
গম পাঁও
বতাহত
বিয়পোতে তোৰ গোন্ধটি;
তোৰ
বিনে নাই মোৰ আশা একোটি।
No comments:
Post a Comment