কবিঃ- দূৰ্গেশ্বৰ শৰ্মা
সন্ধিয়াৰ
চাকিশাৰী পুখুৰী পানীত
পৰি
দীঘলীয়া
নাচিছে
আকাশৰ
ভোঁট তৰা পাৰিষদে বেঢ়ি ধৰা
দীঘল দ’লটি গৈ লাহে লাহে সৰু হৈ
আকাশত মিলিছে,
দুখ-শোক
আঁতৰাই মন প্ৰাণ নচুৱাই
জুৰ বায়ু বলিছে।
ইয়াতে
সদায় দেখা দেখিলে মনত থকা
আহিলেই লগ পায়;
মনে
মেন ভাল পোৱা ভাবিলে কেনিবা যোৱা
কিবা যে নাই নাই।
No comments:
Post a Comment