কবিঃ–চন্দ্রকুমাৰ
আগৰৱালা
তেজগোৰা বেলি জিলিকনি মেলি
সাৱটিব আহি ধৰা;
পূৱাতে মলয়া উঠি
ছঁয়া-ময়া
বোলে উঠা তেজীমলা।
মেঘ-মলা ৰঙ্গা পিন্ধি দিগঙ্গনা
সিঁচিছে আশাৰ ধাৰি;
উত্ৰাৱল-পানী
ৰঙা হাঁহি সানি
খলকিছে ছুই ভৰি ।
ৰূপতে ৰূপ তুলি পাৰিজাত ফুলি
-তেজীমলা জক্মকায়;
চৌপাশে বেৰি মৰমে
সাদৰে
পানীৰ লতা বগায়।
মানুহে কুটুমে দলিয়াই পেলালে,
কাকনো কুটুম পালি ?
মৰম-বেথাৰে আজলী কুঁৱৰী
এটাইকে নিজা কৰিলি।
তোৰে পানীৰ চৰাই সাঁতুৰি ফুৰিছে
ক’তো বা উড়িছে বনাই ;
মলয়া বায়ুৰে মিতিৰ পাতিলি
-ঘৰৰ হে বাতৰি নাই।
দুপৰীয়া বেলি পানীয়ে
উজলি
সিঁচিছে মুকুতা-তৰা;
ফটিক পানীৰে
মাজে মাজে ধীৰ
চৰিছে পোৱাল -দৰা ৷
সোণ-ৰূপ মাছ আহিছে
গইছে
ঘৰ পোহনীয়া তোৰে;
মনত পৰে নে পাৰ যুৰি তোৰ
মাতিলে হাতত পৰে ?
ফুলবাৰী খনি পৰিয়েহে আছে,
চৰে নে হৰিণা জনী ?
কোনে ভুলাইছে মৰমৰ তোৰ
শাৱলী পোৱালী কণি ৷
সখীৰ বাতৰি কোনে কব পাৰে
তোৰ জীৱনৰ লগ:
মৰমৰ সখী
আঁতৰালে কোনে
আকৌ নে মিলিব সঙ্গ ?
কুমাৰী ছোৱালী কুটুমে পেলালে
দলিয়াই মৰম-ফেৰি ;
মানুহে-মানুহে ইমান হে মৰম
চকুলো পৰে সুঁৱৰি ।
মানুহৰ চোঁতালত মাধুৰী ফুটিলে
মানুহে নিচিনি হায়,
সাৰি, তুলি, ছিঙি মোহাৰি পেলালে
-মানুহৰ মৰমো নাই।
মৰমৰ পানী নোহোৱা ঠাইত
কেনেকৈ বিশ্বাস থয় ?
সেয়ে তেজীমলা দূৰৈতে শিপাই
পাৰিজাত হৈ ৰয়!
শতক বান্ধেৰে তলীৰে সইতে
বান্ধিলে নিছিগা কৰি ;
ধুমুহা-বতাহে খং-ৰাগে আৰু
কিনো নো কৰিব পাৰি?
সিদিনা সন্ধিয়াৰ দৰে আজি কিয়
তেনেকুৱা কৰে মন ?
বেজাৰ মাৰ গৈ বেলিটিয়ে তোক
দিছিলে যে বিসর্জন !
আজি পুৱাই বেলি হাঁহি চকু মেলি
পঠালে বাতৰি কিবা ;
চিকুণ নাওখনি আশাৰে উজলি
আহিছে উজাই বা?
মানুহৰ নাও মানুহৰ ভাও
দেখিয়ে লাগিছে ভাল ;
মানুহ মিতিৰ বৰ মৰমৰ
পাতিছে কিহৰ জাল?
গহীন মু’খনি মৰমেৰে সনা
মোৰেই তো দেৱতা এওঁ ;
কেলেই লাগিছে মানুহৰ লগ
-আহিয়ে দেখো ধৰেও ।
হাতো নেমেলিবি ফুলো নিছিঙিবি
ক’ৰে নাৱৰীয়া তই ;
মানুহে ফুলৰ কি জানে আদৰ
তেজীমলাহে মই।"
No comments:
Post a Comment