কবিঃ-ধর্মেশ্বৰী দেৱী
সাগৰৰ পাৰতে বহি মই অকলে
গণিম আকাশী তৰা ,
কেতেকী চৰায়ে গাব বিভূ-গীতি
শুনিম দূৰৈৰে
পৰা।
মনৰে কথাটি ক'ম বতাহক
বুকুখনি জুৰ কৰি ;
লাহৰি সখীৰে কৰিম ধেমালি
ডিঙিত সাবটি ধৰি
।
নাদুৰি সাতুৰি
ওপঙি ফুৰিম
নীলিম লগৰী সতে ,
মেঘৰ জীয়ৰীয়ে চকুৰ ঠাৰেৰে
মাতিৰ চেনেহী
মাতে ।
কত তলে যান আকৌ উঠিম
গাম আবেগৰ গীতি,
বুকুৰ বেথাটি বুকুতে সামৰি
সোততে ফুৰিমে উটি ।
কোনোবা খিনিতে দূৰ দূৰণিতে
পৰিম যেতিয়া গই,
আকুল স্বৰেৰে হিয়া-বীণখনি
বাজিব বাজিব ঐ।
No comments:
Post a Comment