সোণৰ হৰিণা
কবিঃ- পাৰ্বতী প্ৰসাদ বৰুৱা
সোণৰ হৰিণা তই
ক'ত দেখিলি?
ছাঁ-জুইৰ পোহৰত
ধন লেখিলি।
দূৰত ৰূপৰ ছায়া-
চকুত লাগিছে মায়া,
সমূখত উৰে জিঞা
নাচে পখিলী।
বননিত ৰঙ্গা দুটি
পলৰীয়া ভৰি;
অ' বলিয়া খেদা মাৰি
পাবি জানো ধৰি?
মায়াৰ ফান্দত পৰি,
হৰিণে লুকাব ভৰি,
জিঞাৰ পৰিব সৰি
পাখি দুু্খিলি।
No comments:
Post a Comment