কবিঃ যতীন্দ্ৰনাথ দুৱৰা
মোৰ চিৰ জনমৰ
চিৰ চেনেহৰ
যত অপুৰণ আশা
হয়তো কাৰোবাৰ
মধু পৰশত
পাব কেতিয়াবা ভাষা
দেৱৰ আশিষ
হয়তো নামিব
ফুলাব শুকোৱা কলি;
মাথোঁ মই যাম
কেনিবা আঁতৰি
হম ধৰণীৰ ধূলি।
No comments:
Post a Comment