কবিঃ-লক্ষ্মীনাথ ফুকন
দেখা
পাই কিয় বা লুকালা,
মণিটি
যে সুলকি পৰিল ?
আঁচলৰ
আগটিতে লাগি
ফুলৰো
যে পাহিটি সৰিল।
নেভাবিবা তুমি গুচি গলে
চিন তাৰ একো নেথাকিব
তুমি আজি আহিছিলা বুলি
কেৱে তাৰ প্রমাণ নিদিব।
এতিয়াও
দুবৰি ডৰাত
পৰি
আছে চৰণৰ চাব;
এতিয়াও
পখিলা-শাৰীৰ
কিবা
এটি আমোলন ভাব ;
এতিয়াও গছৰ পাতত
লাগি আছে উশাহ তোমাৰ ;
এতিয়াও তোমাৰ সুবাসে -
মলয়ক দিছে সুধা-ধাৰ ;
এতিয়াও
লাজুকী বনৰ
গুচা
নাই কুচি-মুচি ভাও ;
এতিয়াও
মউ মাখিবোৰে
কাঢ়িয়ে
ফুৰিছে হাম্ৰাও ॥
এতিয়াও তোমাৰ গানৰ
হোৱা নাই প্রতিধ্বনি শেষ;
এতিয়াও
নিৰলে পখীটি
গীত গাই তন্দ্রাতে আবেশ ।
কেনিবাদি
তৰাটিয়ে আহি
ইয়াতে
হে আছেহি লুকাই ;
তোমাৰেহে
বাতৰি প্ৰচাৰি
আকাশত
জ্বলিব দুনাই।
No comments:
Post a Comment