কবিঃ —ডিম্বেশ্বৰ নেওগ
আপুনি আৱদ্ধ হলা তুমি
আপোনাৰ
মোহৰ মায়াত ;
সেইহে হবলা তুমি থাকিলা
লুকাই
বিশ্বৰ ছাঁয়াত ;
আপোন হাতেৰে গঢ়ি পিন্ধিলা
বুকুত
তাৰকা-তপন ;
মধুৰ জোনাক ৰচি হ’লা আপুনিয়ে
আনন্দ-মগন ;
No comments:
Post a Comment