কবিঃ—যতীন্দ্রনাথ দুৱৰা
আজি
বসন্তৰ মধুৰ পৱন বইছে ধীৰেৰে জুৰাই প্রাণ
ঢালা
ইয়াতেই অনুতাপ ৰাশি,
জাৰৰ কুঁৱলী বিষাদ-গান;
পিয়লাটি
মোৰ ধৰাহি মুখত আহা প্রাণ-সখী সময় নাই ;
পাখি
মেলি সৌ জীৱন পখীটি অনন্তৰ পিনে উড়িয়ে যায়।
সৌ
যে দেখিছা দূৰ-দূৰণিৰ মৰুৰ দাতিৰ এখনি পাম,
সেউজীয়া
গছ-লতাই বেঢ়িছে সেয়ে মোৰ চিৰ পৱিত্ৰ ধাম;
ৰজা
প্রজা তাত সকলো সমান,
নাই বাদছাৰ গজ্নীপুৰ,
তাতে
বহি আমি আকাশ তলত নীল অসীমত মিলাম সুৰ।
সেই
নিৰলাত থাকিম নিজানে কাষত তোমাৰ মধুৰ গান,
ৰুটী
এটুকুৰা, সুৰাৰ পিয়লা, কবিতা কুঁৱৰী আকুল প্রাণ;
সি
সুৰ পুৰীৰ এয়েই সপোন,
এয়ে হৃদয়ৰ বাসনা মোৰ,
মৰুৰ
মাজত নামিব সৰগ, জীৱন যাতনা পৰিব ওৰ।
ৰাজ-সুখ
আশে কতনো বলিয়া, কোনোৱে বিচাৰে সৰগ-সুখ,
ছাঁৰ
পিছে পিছে লৰোঁ সদায় ইফালে নভৰে ঘৰত মুখ;
লোৱা
ততালিকে যি পোৱা হাতত,
নোপোৱা যিখিনি থাকক বাকী
দূৰৰ
বাজনা শুনিলে কি হব, মাজত তোমাৰ তেনেই ফাঁকি।
ধৰা
প্রিয়তম, পানৰ পিয়লা জীৱন-মদিৰা ভৰাই দিয়া,
অতীত, ভৱিষ্য, শোক-দুখ-ভয়, আজিৰ ভাৱনা উটাই নিয়া;
আজিয়েই
দিয়া, কালিলৈ কিয়, কোনে জানে মোৰ কালি কি হ’ব ?
হাজাৰ
হাজাৰ বছৰ বিয়পা হয়তো অতীতে সামৰি থব।
ধূলিৰ
লগতে মিলিব যেতিয়া খন্তেকীয়া এই জীৱন মোৰ,
যক
তেনে উটি সুৰাৰ সোঁততে নপৰক যেন সুখৰ ওৰ ;
আহিলে
মৰণ যাবই লাগিব-আন্ধাৰ পুৰীৰ কোনোবা দেশ,
নাই
য’ত সুৰ,
নাই য'ত গান-অজান দেশৰ ক'তনো শেষ।
উভতি
যেতিয়া পিয়লাটি চুমি সুধিলোঁ,
“চেনেহী পিয়লা মোৰ,
কোনে
আঁতৰাব মায়া-জাল খনি,
ৰহস্যৰ জানো পৰিব ওৰ ?”
ক’লে পিয়লাই,
“ইয়াতে সকলে, ইয়াৰ সিপাৰে একোৱে নাই ।
পান
কৰা সখা থাকোঁতে জীৱন,
নহলে জীৱন বিফলে যায়।”
No comments:
Post a Comment