কবিঃ-
যতীন্দ্ৰনাথ দুৱৰা
ক’ত আজি সেই এৰেম
ফুলনি, হাজাৰ গোলাপ ফুলিল য'ত
জাম-চৈয়দৰ
সাত বৰণীয়া ভুৱন বিজয়ী পিয়লা ক’ত ?
এতিয়াও
আছে আজুৰৰ বন, ঢালে এতিয়াও ৰাঙলী ধাৰা,
আছে
তটিনীৰ কুলু কুলু গান,
নাই সেই প্রাণ উলাহ-ভৰা ।
পুৱা
কিৰণত লাখে লাখে ফুল ফুলিছে মলয় পৰশ পাই,
কাষতেই
তাৰ আৰু অসংখ্যাত নীৰলে লেৰেলি শুকায় যায় ;
যাৰ
পৰশত লাজুকী গোলাপে নাচিছে ৰঙেৰে ওৰণি থৈ,
সেই
পৰশতে শত জামছেদ, শত কৈকোবাদ কালত লয়।
সংসাৰৰ
মুখ আশা কৰি নৰে আপোন পাহৰি লৰিছে,
হায় ।
কাৰোবা
ভাগ্যত ফলিছে সপোন, কাৰোবা ভাগ্যত একোৱে নাই
কি
লাভ ইয়াত খন্তেকীয়া সুখ,
খন্তেকৰ পাছে আঁতৰি যায়?
মৰুৰ
মাজত নিয়ৰৰ কণা পলায় পুৱাৰ পৰশ পাই।
সোণৰ
ধনেৰে ভঁৰাল ভৰালে যিজনে অশেষ যতন কৰি,
একে
উশাহতে উড়ালে সিজনে মনৰ সোতত পৰি ;
হ’ল ছয়ে লয় এই
মাটিতেই, একেদৰে শেষ জীৱন-খেলা,
ইয়াৰ
পাছত আহি মৰতত আৰু কি পাতিব মোহন মেলা।
কোনোবা
বলিয়া মুখ মুখ কৰি এই পৃথিৱীক সাৱটি ধৰি;
কোনোৱে
ভাবিছে মৰণৰ পাছে পাম সঁচাকৈয়ে সুখৰ পুৰী।
তহঁতৰ
সুখ নাই ক’তো হেৰ, নিঠুৰ মৰণে চিঞৰি কয়
মুৰ্খ
তহঁত, অলীক
ভাৱনা ভাবি কৰ কিয় জীৱন ক্ষয়।
জুৰি
দুই কৰ, সৰগ ধিয়াই শুধিলোঁ কাতৰে, জীৱন স্বামী,
কোন
পোহৰত যাওঁ আগ বাঢ়ি তিমিৰ পথৰ যাত্ৰী আনি।
গৰ্জিলে
সৰগে গহীন সুৰেৰে, “নাই নাই কতো আলোক-পথ ;
অন্ধ
নিয়তিৰ অন্ধ বিশ্বাসত চলে মানৱৰ জীৱন-ৰথ ।"
No comments:
Post a Comment