কবিঃ-হিতেশ্বৰ বৰবৰুৱা
নহয় মানৱ মাথোঁ-গোটেই জগত
(
বিভূজন সৃজন যত ) অনিত্য সবেই।
সৌ
যে দূৰত দেখা পৰ্বতৰ চুড়া
শিলেৰে
বন্ধোৱা ঘৰ, দেৱৰ মন্দিৰ
কিম্বা
ৰাজ-নিকেতন, উন্নত শৰীৰ
(
কি সুন্দৰ ৰত্নময় ) চুৰ্ণ হব সৱে ।
এই
যে পৃথিৱী সখি, বাসুকী-শিৰত,
পর্বত, সাগৰ, পুষ্প, তৰুলতা আদি
সকলোটি
হব ধ্বংস নাথাকিব চিন ।
অসাৰ
স্বপ্নৰ দৰে টোপনি জালত
অনিত্য
সকলো আমি অনিত্য মৰ্ত্ত্যত ।
সকলো অনিত্য ; কিন্তু অনিত্যৰ মাজে
আছে
এটি নিতা, সখি সিটি কীৰ্তি যশ ।
No comments:
Post a Comment