কবিঃ-লক্ষ্মীধৰ
শৰ্মা
কৰুণা
মণ্ডিত শ্যামল সুন্দৰ স্নিগ্ধ হেমকান্তি,
মঙ্গল
দেৱতা, নিত্য বৰষিছা প্রেম সুধা শান্তি ।
শোক
দুখ তাপ-দগ্ধ জর্জৰিত প্রাণী জগতত,
শীতল
তোমাৰ বিস্মৃতি-প্রলেপ শোভিছে হাতত ।
অশ্ৰু
কুঁৱলীয়ে ঢাকি থয় নিতে সুন্দৰ বদন,
ক্ৰন্দনৰ
স্বৰে স্তব্ধ কৰি ধৰে তযু আৱাহন।
শোক-কালিমাই
অন্ধ কৰে চকু নেদেখে পোহৰ ;
দিব্য
বিমোহন অপৰূপ জ্যোতি তোমাৰ ৰূপৰ ।
জীৱনৰ
সখা, আহিছা
যে আজি ওচৰ চাপি,
তোমাৰ
পৰশে জগায় আনন্দ হৃদয় ব্যাপি ।
নিচিনো
দেৱতা, তোমাৰ ৰাজ্যৰ বাট, ঘাট, পথ ;
জানিছো
মাথোন- চাপিছে ওচৰ তোমাৰ ৰথ ।
হয়তো
কোনোবা অভিনয় কিবা জীৱন খেলা।
খেলিবা
পুনৰ মোক লৈ দেৱ নকৰি হেলা ।
হয়তো
স্বৰগে, হয়তো নৰকে সাদৰি লব ;
তাতেই হয়তো অনন্ত কালৰ বসতি হ’ব।
নতুবা
ঘটিব প্রেমৰ পুতলী প্রিয়াৰে মিলন,
তোমাৰ
কৃপাত লভিম পুনৰ অপূর্ব জীৱন ।
পিতৃ
সকলেও লব নেকি মোক ৰঙেৰে বেঢ়ি,
অতীতে
ধৰিব মূর্তি নতুন বিস্মৃতি এৰি ?
হয়তো
পেলাব মোৰ জীৱনত চিৰ যবনিকা
সাঁচি
থৈ মোৰ হৃদয়ত থকা আনন্দ-কণিকা ।
মোৰ
প্ৰেমৰ সঁফুৰা দিবা ঢালি দেৱ বিৰহী বুকুত,
সপোন
গৰিমা সানি দিবা ধীৰে প্রেমিক চকুত ।
মোৰ
অন্তৰৰ কল্পনাৰ ৰঙে পশ্চিম আকাশ,
ৰঙাই
তুলিব, জগতত হ'ব অপূর্ব বিকাশ ;
বিৰহৰ
মধু সুগন্ধি দ্রব্যেৰে সজাবা সম্ভাৰ,
নৱ
পৰিণীতা বালিকা বধুৰ কোমল হিয়াৰ।
ৰূপ
তৃষা মোৰ সানি দিবা দেৱ কিশোৰী জনৰ
কাজলৰ
দৰে বঢ়াই জেউতি চকুত সুন্দৰ।
প্রেম
কুজনত বাজি উঠা, মৃদু মোক দিবা কণ্ঠ স্বৰ
দিবা
অকাতৰে কণ্ঠত দেৱতা নৱ প্রেমিকৰ ।
অন্তৰৰ
মোৰ সুন্দৰৰ সৃষ্টি নহব ব্যর্থ,
( সি যে ) বিশ্ব বিয়পি তোমাৰ কৃপাত লভিব অর্থ
কেৱল হিয়াৰ পাৰাবাৰ হীন মুখৰ সাগৰ,
কৰা
যেন দেৱ তোমাৰ নিজৰ নিত্য সহচৰ।
জগতৰ
কাকো নকৰি মলিন নকৰি বিমর্ষ,
থাকে
যেন সি নকৰি কাকো অলপো স্পর্শ।
তোমাৰ
মধুৰ চৰণৰ ধ্বনি কাণত বাজে,
আহিছা
সুন্দৰ শান্তিৰ দেৱতা মোহন সাজে ।
গানৰ
তোমাৰ ললিত ঝঙ্কাৰে পৰশে মোক,
তোমাৰ
বুকুত চিৰকাল মোৰ বসতি হোক।
No comments:
Post a Comment