কবিঃ-
পদ্মনাথ গোহাঞি বৰুৱা
শান্তিৰ
মলয়া বলি প্রাণ জুৰ কৰে,
শীতল
বৰণে তাৰ জগত সামৰে ;
অশান্তি
ৰ’দৰ
তাপ লাগিলে হিয়াত,
চাটিফুটি
মন-প্রাণ, নাই তত্ গাত ;
মানৱ
হিয়াত এনে প্রতিবিম্ব কাৰ,
নাচে
কোন দাপোণত মহিমা অপাৰ ?
দেখি
ৰূপ আপোনাৰ মাজে মুগ্ধ নৰ,
নকৰে
অকণি মন ৰূপ দাপোণৰ !
ভাবুক
কবিয়ে চকু ঘনে পিৰিকাই,
ছায়াঁটিৰ
আদি ৰূপ দিয়ে উদিয়াই : –
অনুকৃতি
ভিন ৰূপে নৰ-প্রকৃতিৰ,
আদি
আৰ্হি সতে মিলে বজাৰ সৃষ্টিৰ ৷
ক্ষণে
জুৰ, ক্ষণে
ঘোৰ, ক্ষন্তেকে প্রলয়,
নোপোৱা
বিমুগ্ধ নৰে প্রকৃতি আশই ।
No comments:
Post a Comment