কবিঃ-
ৰত্নেশ্বৰ মহন্ত
ধনীয়ে ফিতাহি কৰে 'মই ধনবান' ;
গৰ্বীয়ে নেদেখে বৰ নিজৰ সমান।
মানীয়ে
নেপালে মান ভাবে মৰাৰ সমান ,
উচ্চ-নীচ সংসাৰত সকলোতে আছে,
ধনী,
দুখী, বৰ সৰু শ্মশানে নেবাছে।
জীয়াই থাকোতে চতুৰ্দোল
সিংহাসনে,
নৰপতি শোভে বহু বসন-ভূষণে,
সাধাৰণ
দুই চাৰি ওচৰ চাপোক
চাৰি,
দেখাকে নেপায় কত কৰি সবিনয়,
শ্মশানে সকলো কিন্তু লয় কৰি লয়।
ভাল বস্তু খায় যিবা, খায় বিহ কানি ;
অজ বস্ত্র পিন্ধা, কিবা পিন্ধা ফটাকানি ;
সমানে
সাদৰে কোনে ? এই শ্মশানৰে
কোণে
কালে সমভাৱে সকলোকে টানি আনে ?
সকলোকে সমানে সামৰিব নে আনে ?
বিষম সংসাৰ সাৰাসাৰ বাছ
নাই,
ধনে জনে বলী হলে সমাদৰ পায় ;
পণ্ডিতো
ভিখাৰী হলে বিধি
বেয়া ফালে হলে
মহা মূৰ্খো ধনী হলে পায় সমাদৰ,
শ্মশানৰ আগত একোৰে নাই দৰ ।
দ-ৰ বস্তু দ-ত থাকে, বামৰ বামত,
দ-ৰ নাই দ-বাম একোৰে শ্মশানত ;
সুখ-শিখৰৰ
পৰা বিপদ-পোতত
পৰা
সকলোৰে অন্তকালে শ্মশানেহে গতি
শ্মশানক বিনে আন পিনে নাই
গতি ;
সংসাৰৰ মাজে মাজে অদৃষ্টৰ ফলি
কাৰো কাৰো জ্বলি উঠে কাৰো যায় জ্বলি ;
ভাগ্যৱান
উঠে জ্বলি, দৰিদ্ৰৰ
পৰে মলি
ভাগ্যে ধন ৰত্ন পায়, দৰিদ্ৰৰ ছাই,
সুখী দুখী শ্মশানে সমানভাৱে চায়!
বল থকা সৱে বলী, বলহীন বলি ;
বলীয়ে নির্বল হৰে নানা ৰূপে ছলি ;
শক্তিৰ
গৌৰৱ কৰি, ফুৰে
যেন মত্ত কৰী,
সংসাৰ ভৰত তাৰ যেন টলমল,
শ্মশান পালেই ছাই-ভস্ম হয় বল ।
ধনীৰ
নিশাও দিন, দিনে
নিশা, হলে দীন,
ধনে সংসাৰত কৰে দিন-ৰাতি চিন,
ধনে
আজি প্রাণ তাৰে মৃত্যু
হয় কালি তাৰে,
নুবুজে গহীন ভাবে লোক বুজ-হীন।
শ্মশানে সৱাৰে অন্ধকাৰ
দিন ৰাতি সৱে একাকাৰ ;
কাকো ক’তো কদাপি নেতাৰে
ধনী, সুখী, সকলোকে মাৰে ;
শ্মশান সাম্য শিক্ষাৰ
স্থল সংসাৰত
সকলোৱে শিক্ষা লভা
অহঙ্কাৰী যত।
টোকোনাও ইয়াতে ৰবহি
সুখীয়াও ইয়াতে শুবহি,
ৰজাৰো এয়েই শেষাসন,
ৰাইজৰো অন্তিম শয়ন।
মাটিৰ শৰীৰ ইটো মাটিতে
মিলিব
ধুন-পেছ মিছা কিয় লাগিছে
কৰিব?
মিছা দৰ্প,
মিছা অভিমান,
মিছা সুখ,
মিছা ধন-মান
মৰিলেই
সকলো সমান,
শ্মশানেই
জ্বলন্ত প্ৰমাণ !
কবিতা টো পাই বৰ পালোঁ ।বহুত ধন্যবাদ ।
ReplyDelete