কবিঃ-
প্ৰসন্নলাল চৌধুৰী
পছোৱাৰ
আগে দিছে ডাক ।
ৰক্তপত্র দল উৰুৱাই
প্রমত্ত দুৰ্বাৰ !
জাগ
জাগ যৌৱনৰ উগ্ৰ ৰক্ত ৰাগ
জগত জীপাল কৰা সাৰ ।
নবযুগ
সৃষ্টিকাৰী জাগিছে নতুন জুপিটাৰ,
তই
সঙ্গী বজনখী হিংস্র ঈগলৰ দল
তমোৰাশি কৰা বহিষ্কাৰ
তীব্র দৃষ্টি মুক্ত পক্ষ
ফালি ফুৰা
ব্যোম
পাৰাবাৰ ।
তোৰ
বাবে জগতৰ
দ্ৰাক্ষাকুঞ্জ
ৰসে ৰসময়,
তয়ে
তিক্ত কালকুটে কণ্ঠপুর্ণ কৰি
হোৱা মৃত্যুঞ্জয় ।
পশ্চিমৰ
ৰণমত্ত জাতি
কৰে
বিষবাষ্প বৰিষণ
আত্মৰক্ষা শত্রু নাশ হেতু,
জগতৰ
আতঙ্কৰ হয় অৱতাৰ
সাজি ধুমকেতু ।
আছে
তাৰ প্ৰতিকাৰ প্ৰতি আক্রমণ
আছে তাৰে বাণী সাৱধান
মুহূৰ্ততে মিলেহি মৰণ ।
তোৰ
বাৰে ৰৈ আছে তাতোকে ভীষণ
কাৰাগাৰ! আখ্যা লই শৃঙ্খলা শাসন
অন্ধকাৰ
কক্ষ ভৰা বিষ বাষ্প ঘন
তিলে
তিলে বিলাব মৰণ,
জীৱনতে
নৰকৰ যমৰ যাতনা
মনোবল প্রাণশক্তি কৰিব হৰণ
হে নিৰ্ভীক, হ’ব তাতে আতমাৰ
দীপ্ত জাগৰণ ।
সিন্ধু
মথনত উঠা বিষ অগ্নি স্রোত
শিৱ
বিনে কোনে কৰে ৰোধ !
নীলকণ্ঠ
তোত বিনে অন্য আৰু নাই,
এই
বার্তা পছোৱাই আনিছে উৰাই
নতুন দিনৰ মত্ত হৰিষে
পুৰাই ।
জগতৰ
কোনো শক্তিধৰে
গঢ়া
নাই এনে লোৰ বেড়ি
তই
যাক সকলে মুছৰি
নোৱাৰ
কৰিব গুড়ি
খণ্ড খণ্ড কৰি।
গঁথা
নাই এনে দুৰ্গ ষ্টীল কংক্ৰীটৰ
অনিৰূদ্ধ ৰাখৈ তোক ধৰি!
দুৰ্যোগৰ ৰুদ্ৰ তাণ্ডৱেও
অভ্ৰ ভেদি গিৰ পৰ্বতেও
পথ তোৰ নোৱৰে ৰুধিব;
শ্ৰাবণৰ
বিদ্যুৎ বিদীৰ্ণ ৰন্ধ্ৰ পথ
মুক্ত সদা তোৰ বাবে
জ্যোতিৰূপে
যুগে যুগে প্ৰকাশি উঠিব
তোৰ
বাবে পক্ষীৰাজ ঘোঁৰা আছে ৰে
অতিষ্ঠ উন্মাদ
মন
পৱনৰ বেগ উত্ৰাৱল আজি
পৰম দূৰ্মদ
অগ্নিগড়
গিৰি দুৰ্গ বন্দিনী উষাই
দেখিছে সপোন,
আকাশত
চিত্ৰলেখা সখীয়ে কৰিছে
মায়াৰ সৃজন।
কৰ তোৰ যাত্ৰা আৰম্ভণ!
ৰূধিৰাক্ত
বলিশাল খড়্গ উঠে নামে
আৰু লাগে বলি!
সশস্ত্ৰ
আৰতি দুৱাৰত উপস্থিত
খোজে গলাগলি
তোৰ বুক উঠক উতলি!
আজি
কাঠ ভেদি কুঁহিপাত ফুটি উঠিবৰ
উন্মেষ গোপন
নিৰস
ৰসত লাল ফুল ফুলিবৰ
তীব্র জাগৰণ,
শীত
আছে সুপ্ত হৈ কুঁৱলী নিহালি
মৃত্যু শয়নত
আসন্ন
অতীতৰ কঁপে কণ্ঠস্বৰ
নিদ্রা নয়নত ।
লাগে
এটি জ্যোতিষ্মান শক্তি মন্ত্র ময়
কেন্দ্রীভূত প্ৰাণৰ পৰশ
সন্মোহন
লীলাময় আনন্দ উজান
ইঙ্গিত সৰস ।
সকলোৰে
সাৰ্থকতা আহিব চৰম
বিকাশৰ
সুখ,
অধৰৰ
আগত ফুলিব প্রিয়তম৷
চুম্বন
উন্মুখ ।
মূলভাব টো লাগে
ReplyDeleteলাগে
ReplyDeleteলাগে
ReplyDeleteসকলো questions answer লাগে
ReplyDeleteYes
Delete