কবিঃ-
হিতেশ্বৰ বৰবৰুৱা
নোলায়
চকুলো মোৰ পুত্ৰৰ শোকত, প্ৰভূ!
পুত্ৰ
শোক সন্তাপৰ নোহে ইটো চিন।
ই
যে মুকুতাৰ মালা, তোমাৰেই প্ৰতিদান,
-দেৱমনোলোভা
ৰত্ন - শোভে ৰাতি দিন
তোমাৰ
ফুলনিবাৰি, তোমাৰেই তৰুলতা,
যি
ফুল ফুলিল তাত, তাৰে এটি আনি,
অৰ্পিলোঁ
পূজাৰ অৰ্থে ভকতি অন্তৰে আজি
তোমাৰ
পাৱতে পুনু লোঁৱা প্ৰভূ, তুমি।
ই
চকুলো নোহে ,মোৰ অপত্য শোকৰ চিন,
ই
যে প্ৰভূ, পুত্ৰলই নিৰ্মালি পিতাৰ,
-
স্বৰ্গীয় অঞ্জন ৰূপী-দুয়ুটি চকুটি পিন্ধি
আজীৱন
ৰ'ম চাই চৰণ তোমাৰ!
চকুলো
দুধাৰি প্ৰভূ, তোমাৰ নিৰ্মালি মোৰ,
অন্ত
হব অন্তিমত, ভঙ্গ হব মোহ ঘোৰ।
No comments:
Post a Comment