কবিঃ-শৈলধৰ
ৰাজখোৱা
এতিয়াই
হয় যদি যাবৰ সময়
 তুমি মোৰ বহিবা কাষত— 
মোৰ
এই বীণ খনি বজাবা এবাৰ 
কথাখিনি
পৰিব মনত । 
চকু
দুটি হ’ব মোৰ ধুৱলি-কুৱলি 
কাণ
হলে থাকিব সজাগ 
ক’ব লগা যিবা আছে কই
যাবা তুমি 
মনলৈ
নানিবা বিৰাগ ।
 আমি দুয়ো ৰুই যোৱা, গছ-লতা খিনি 
নিজ
হাতে কৰিবা যতন 
কুসুমিতা
হলে মোৰ বনলতা জুপি 
মোৰ
কথা কৰাবা স্মৰণ । 
ভগা
পঁজা সমূখৰ 'হেচানাহেনাৰ'
সঁচ
যদি পোৱা ক’ৰবাত,
বিচাৰি
গোটাই আনি নিজ হাতে তুমি
ৰুই
থবা মাজ চোতালত । 
তুমি
ৰোৱা গোলাপৰ ডাল এটি আনি 
জীয়াবাহি
তাৰ কাষৰত ৷ 
উলটি
আহিলে মই অচিনাকি হই,
কিবা
কথা পৰিৰ মনত । 
তুমিয়ো
যেতিয়া যাবা সন্ধিয়া পৰত 
চাবা
যাতে পথ নেহেৰায় ; 
মোক
হলে নিবিচাৰি তৰাৰ মাজত 
বিচাৰিবা
ইয়াতে দুনাই । 
অকলশৰীয়া
যদি কোনোবা পথিকে 
ভাবি
গুণি নিজৰা-কাষত, 
ঢউ
লেখি বহি থাকে নাহাঁহিবা তাক 
কথা
তাৰ বাজিব প্রাণত । 
কোনোবা
প্রেমিকে যদি সজল আখিৰে 
চাই
থাকে মুখনি তোমাৰ, 
সাদৰী
মাতেৰে তাক যাচিবা বিদায় 
অবাবত
নিদিবা বেজাৰ । 
তাৰ
যদি চকু-পানী বাগৰে মাটিত 
তুমি
তাত নিদিবা চৰণ । 
কিজানিবা
পৰে আহি তোমাৰ শিৰত 
ঘূৰি
ফুৰি গোটেই ভুবন ।
কোনোবা
সন্ন্যাসী যদি আবেলি পৰত 
বহি
যায় বীণখনি বাই, 
শুনিবাচোঁ
কাণ পাতি কিনো গীত গায় 
কাৰ
বীণ কোনেনো বজায়। 
এতিয়া
আহিলে মোৰ যাবৰ সময় 
অতিকৈ
নহবা নিৰাশ । 
নুটুকিবা
চকু পানী মোৰ ওচৰত মন 
মোৰ
লাগিব উদাস। 
পৰিব
মনত এই শ্যামলী ধৰণী 
ৰূপ-ৰস-সৌৰভ-নিজৰা,— 
শৈশৱৰ
হঁহা-কন্দা ধৰাকে সাৱটি 
ধূলা-খেলা
ধূলাতে বাগৰা । 
সুশীতল
সমীৰণ, জোন, বেলি তৰা 
গছ
লতা পৰিব মনত । 
বসন্তৰ
ফল আৰু শৰতৰ ফল 
জিলিকিব
মানস পটত। 
সেই
দিনা ধৰণীৰ প্ৰতি ধূলি-কণা 
মোৰ
হ’ব
নিচেই আপোন ; 
যি
আছে সকলো দিম চাই লবলই 
সকলোকে
এবাৰ মাথোন ।
এই
স্বর্গ এৰি থই কোনোবা স্বৰ্গত 
মন
মোৰ নবহে নিশ্চয় 
ধূলাত
মিলিব এই ধূলাৰ শৰীৰ 
উলটিম
নব দেহা লই । 
 
ভাল লাগিল পঢ়ি কবিতা টো ।
ReplyDeleteমূলভাব টো লাগিছিল কবিতাৰ
ReplyDeleteMulvab tu dibo sun parile
DeletePlz mul harangsho 2 dile bhal hoy🥺🙏
ReplyDelete