কবিঃ- চন্দ্ৰকুমাৰ
আগৰৱালা
নেজানো প্ৰণতি
ভক্তি তুতি-নাতি
সেৱাই
আমাৰ গতি।
সেৱাতে অৰ্পিম
ধৰম কৰম
ক্ষুদ্ৰ
আমাৰ শক্তি।
(১)
ছোৱালী-- সৰু হাত ভৰি
লাহিকৈ
আঙুলি
ল'ৰা -- বজ্ৰ মুঠিৰ
বান্ধ
ছোৱালী-- কামত লাগিলো
সেৱা
তুলি ল'লো
ল'ৰা-- মাতৃলৈ
পাতিছো কান্ধ।
(২)
ছোৱালী-- মৰম প্ৰতিম
হিয়াক
পাতিম
উভয়-- দুখীয়াৰ দুখত
দুখী
ল'ৰা-- সুখ বুলি
দান
ধৰিম
যোগান
উভয়-- সমূহ সুখত সুখী
(৩)
ছোৱালী-- শুচি দেহা মন
শুচি
আলাপন
পৱিত্ৰ
আতমা ধাৰী
ল'ৰা-- সেৱা ধৰমৰ
হম
যোগ্য নৰ।
ছোৱালী-- আমি সহধৰ্মী
নাৰী।
(৪)
ল'ৰা-- দুখ-কষ্টৰাশি
ল'ম
উপযাচি
ছোৱালী-- অগ্নি পৰীক্ষালৈ
সাজু।
ল'ৰা-- নিয়মৰ
বান্ধ
পিন্ধি
হম শাঁত
ছোৱালী-- কৰিম নিজক কাজু।
(৫)
ল'ৰা-- কৰোঁ
অঙ্গীকাৰ
এৰি
অহঙ্কাৰ
হও
সবাতোকে সৰু,
ছোৱালী-- ক্ষুদ্ৰ বালিকণ
লগেৰে
মহান
উভয়-- বিশ্বক মহান
কৰোঁ।
(৬)
ছোৱালী-- আমি
দীন-হীন
হিয়া
অতি ক্ষীণ,
ল'ৰা-- যুটীয়া
বলেৰে বলী,
ছোৱালী-- আমি
মৰিমুজি
সৰু
তৃণ গুচি
ল'ৰা-- হমগৈ সৰবদলী।
(৭)
ছোৱালী-- এডালি
দুডালি
কৰি
তিনিডালি
ল'ৰা-- ফৈৰে বটোৱা জৰি,
ছোৱালী-- লগৰ
লগৰে
শকত
বান্ধেৰে
ল'ৰা-- বান্ধিম
হাতীকো ধৰি।
ছোৱালী-- একে
সেৱাৰ জৰী
একে
দেৱৰ দেৱী
উভয়-- (আমি) একেটা কৰ্মেৰে কৰ্মী,
ছোৱালী-- মুৰ
দোঁৱাই গাওঁ
লগ
লাগি যাওঁ
উভয়-- (আমি) মিলন ধৰ্মৰ ধৰ্মী।
No comments:
Post a Comment