কবিঃ- চন্দ্ৰকুমাৰ
আগৰৱালা
সত্যত অটল আস্থা নিছলা
শৰীৰ,
লুকাবলৈ একো নাই নঙঠা
ফকীৰ।
দুখীয়াৰ দুখত বাকি হৃদয়
ৰুধিৰ,
সৰ্বস্বান্ত হ'লা তুমি
নঙঠা ফকীৰ।
নিমিষতো নেপাহৰি
দুদৰ্শা দুখীৰ,
সন্মান হেঁচুকি হ'লা
নঙঠা ফকীৰ।
নিজৰ হাতেৰে দিলা
হেৰোৱা ৰতন
দুখীৰ হাতত তুলি চক্ৰ
সুদৰ্শন।
বহল বুকুত ঠাই তেত্ৰিছ
কোটিৰ,
ভাৰত-দেৱতা তুমি নঙঠা
ফকীৰ।
মহান প্ৰতাৱান্বিত শক্তি ধৃত শিৰ,
অভ্ৰভেদী গিৰিবৰ প্ৰণত পৃথ্বীৰ।
তোমাৰ মুখেদি হ'ল শব্দ গম্ভীৰ
ভাৰতৰ বজ্ৰবাণী নঙঠা
ফকীৰ।
No comments:
Post a Comment