কবিঃ- শ্ৰীধৰ কন্দলী
ঘুমটি যায়োৰে অ'ৰে
কানাই
হুৰে কাণখোৱা আসে।
সকল শিশুৰ কাণ
খাই খাই
আসয় তোমাৰ পাশে॥
মাৱৰ বচন শুনি
পাশ চাপি
হাসিয়া বোলে কানাই।
কেনেকুৱা গোটে কাণ
খাই ফুৰে
চিনোৱা হাবিতলী আই॥
তাৰ নাম শুনি ঘুমটি
নাসয়
ডৰে কম্পে মোৰ বুক।
দেখিলে লৱৰি পলাইবাক
পাৰি
সত্বৰে চিনোৱা মোক॥
অনাদি স্বৰূপে জগত
স্ৰজিলোঁ
চৰাচৰ ভেদ কৰি।
সমস্ত জগত প্ৰতিপাল
কৰি
আত্মাৰূপে আছোঁ ধৰি॥
ব্ৰহ্মা মহেশ্বৰ আদি
কৰি যত
সমস্ত মোৰ স্ৰজনা।
মি নাজানিলোঁ সিটো
কাণখোৱা
স্ৰজিলেক কোনজনা॥
বিষ্ণু ৰূপে মই বৈকুণ্ঠৰ
হন্তে
চড়িয়া গৰুড় স্কন্ধে।
সমস্ত জগত বিছাৰি
চাহিলোঁ
ফুৰিয়া অতি প্ৰবন্ধে॥
স্বৰগী-নৰকী দুৰ্জন
মহন্ত
বিচাৰি ফুৰিলোঁ পাছে।
সিও কালে মই লাগ
নাপাইলোহো
কাণ খোৱা কৈত আছে॥
প্ৰথমতে মই অৱতাৰ
ভৈলো
দিব্য মৎস ৰূপ ধৰি।
চাৰিও বেদক পাতালৰ
হন্তে
আনিলোঁ সঙ্গে উদ্ধাৰি॥
পাছে সেহি ঠাই বঢ়াই
মৎস কায়
জুৰিলোঁ সাগৰৰ তীৰ।
সও কালে মই লাগ
নাপাইলোহো
কাণ খোৱা কেনে বীৰ॥
কুৰ্মৰূপে মই মন্দৰ
ধৰিলোঁ
সাগৰ মথিব লাগি।
যত জলচৰ খলকি
সাগৰ
সমস্ত পলাইলভাগি॥
কালকুট বিষ উচ্চৈশ্ৰৱা
হয়
লক্ষ্মীও ওলাইল পাছে।
সিও কালে মই লগ
নপাইলোহো
কাণখোৱা কৈত আছে॥
বৰাহ স্বৰূপে পৃথিৱী
উদ্ধাৰি
আনিলোঁ দন্তৰ আগে।
হিৰণ্যক্ষ নামে বীৰক
বধিলোঁ
যুদ্ধ কৰি বৰ ৰাগে॥
মোৰ ভয়ে যত অসুৰ
পলাইল
কম্পি গৈলা ত্ৰিজগত।
সিও কালে মই লাগ
নপাইলোহো
কাণখোৱা কেন মত॥
স্ফটিকৰ স্তম্ভে বাজ ভৈলো পুনু
নৰসিংস ৰূপ ধৰি।
হিৰণ্যকশিপু বীৰক
বধিলোঁ
নখ অগ্ৰে হিয়া চিৰি॥
জটাৰ ছাটত মেঘ
উৰুৱাইলো
মেদিনী কম্পাইলো বলে।
সিও কালে মই লাগ
নপাইলোহো
কাণখোৱা কাক বোলে॥
বামন স্বৰূপে দেৱ-কাৰ্য্য
সাধি
বলিকে ছলিবে গৈলো।
দান লও বুলি তিনি
পদ ভূমি
ত্ৰৈলোক্য জুৰিয়া লৈলো॥
উপায় কৰিয়া বলিক
ছলিয়া
পাঠাইলো পাছে পাতালে।
কাণখোৱা নামে বীৰ
গোট আছে
নুশুনিলো সিও কালে॥
পৰ্শুৰাম ৰূপে তিনি
সাত বাৰ
পৃথিৱী পৰ্যটি কৰি।
ক্ষত্ৰিয়ক কাটি নিক্ষত্ৰিয়
কৈলোঁ
হাতত কুঠাৰ ধৰি॥
ক্ষত্ৰিয়ৰ নামে নথৈলা
সংগ্ৰামে
কাটিলো পেটৰ চৱা।
সিও কালে মই লাগ
নপাইলোহো
কাণখোৱা কেনেকুৱা॥
ৰামৰূপে মই সীতাৰ
নিমিত্তে
সাগৰ ভৈলোহো পাৰ।
সবংশে ৰাৱণ ৰাক্ষস
বধিলো
খণ্ডাইলো ভূমিৰ ভাৰ॥
দেৱাসুৰ নৰ ভালুক
বানৰ
সবে আইলা মোৰ কাছে।
লঙ্কা নগৰীত কাণে
নুশুনিলোঁ
কাণখোৱা কৈত আছে॥
হলীৰাম ৰূপে নাঙ্গল
ধৰিলোঁ
সম কৰি খাল বাম।
সমস্ত পৃথিৱী বাই
বাটি থৈলো
লৈলো হলধৰ নাম॥
সিও কালে মই লাগ
নপাইলোহো
অবে মনে মনে গুণো।
কাণখোৱা নামে বীৰ
গোট আছে
আজি তযু মুখে শুনো॥
আসিয়া ইবাৰ কৃষ্ণ
অৱতাৰ
হুয়া আছো তযুঘৰে।
কাণখোৱা নাম শুনি
মোৰ গাৰ
থৰ্ থৰি কম্পে ডৰে॥
ঘুমটিৰ চলে নিচুকিয়া
মই
চক্ষু মেলি আঁছো চাই।
কেনেকুৱা গোটে কাণ
খাই ফুৰে
চিনায়োক মোক আই॥
কৃষ্ণৰ বচন শুনিয়া
যশোদা
ভয় হুয়া বহি আছে।
একোৱে উত্তৰ দিবাক
নপাৰি
হাসি মাতিলন্ত পাছে॥
মিছাসে বুলিয়া মুখে
স্তন দিয়া
কৃষ্ণক সাৱটি ধৰি।
'শ্ৰীধৰ কন্দলী কহে
কৃষ্ণ কেলি
ডাকি বোলা হৰি হৰি॥
No comments:
Post a Comment