কবিঃ-
বলদেৱ মহন্ত
সাপৰ
সমান খং কাৰো নাই নাই
হিমালয়
সম গিৰি পৃথিৱীত নাই।
দ্বীপমধ্যে
অষ্ট্ৰেলিয়া সবাতোকৈ বৰ,
সাগৰৰ
বৰ নাই প্ৰশান্তৰ পৰ।
মিচিচিপি নদী সম নদী বৰ নাই,
মিষ্ট
বাক্য সম মিঠা একো বস্তু নাই।
পশুমধ্যে
ধূৰ্ত নাই শিয়াল সমান,
নৰৰ
অধম নাই খলুৱাৰ মান।
মনসম
বেগৱন্ত কোনোবা কি আছে?
কালে
কি কৰিব কাক কোনেনো বুজিছে?
নতুন
ধনীৰ মান নাই অহঙ্কাৰী,
পিতামাতা
সম কোন আছে হিতকাৰী?
সকলো
শোকতকৈ পুত্ৰশোক বৰ,
মনোমত
পত্নীশোক অতি গুৰুতৰ।
বিদ্যসম
বন্ধু আৰু ক'তো নাই নাই,
কঠিন
বচন তুল্য তিতা বস্তু নাই।
দুখৰ
সহায় বন্ধু পাবলৈ টান,
ধনী
নাই তাৰ সম, আছে যাৰ ধান।
মতৃহীন
ল'ৰা সম নাই দুৰ্ভগীয়া,
কৃপণ
ধনীৰ সম নাই অসুখীয়া।
ঋণ,
ৰোগ, শোক, চিন্তা নাই শৰীৰত;
তাতকৈ
আছে কোন সুখী সংসাৰত?
ৰোগৰ
সমান শত্ৰু আৰু কোনো নাই,
এলেহুৱা
লোকতকৈ কাপুৰুষ নাই।
ধৰ্মৰ
সদৃশ শুভকাৰ্য্য একো নাই
ধৰ্মাশ্ৰয়
বিনে নাই তৰণ উপায়।
নিৰাশ্ৰয়া
বৃদ্ধা নাৰী অতীৱ দুখুনী,
তাৰ
সমান দুখী নাই নহ'লে সুগুণী।
No comments:
Post a Comment