কবিঃ- মিত্ৰদেৱ মহন্ত
আমাৰ ভনী শুলে
শুলে
জগত নিজান জান।
ৰুণ নিদিবি বাহৰ
পাৰৈ
মৌ, নেগাবি গান॥
অ' মাখি তই পাখি
জপা
ভনীয়ে পাব সাৰ।
ডেও নিদিবি ঘনচিৰিকা
নেপাই ৰঙৰ পাৰ॥
শুন ভোমোৰা গুণগুণনি
ওঁঠৰ তলত থৈ।
গা মাৰি যা ভনীৰ
কাষে
পকা ধান যেন হৈ॥
অ' পখিলী কাচনমতী
সাজ সামৰি যা।
ন সিংখাপৰ তোৰ
মেখেলি
খম্ খমাব না॥
পুলি তামোলৰ মাণিক
নসৰ
টুপুৰ্ টুপুৰ্ কৈ।
টিক্ টিক্ টিক্ নেমাত
জেঠী
কথাত শলাগ লৈ॥
হাতত নিজম পদুম
কলি
ভাগৰত জঞ্জৰিত।
মুখত নিজম ভনীৰ
বীণৰ
মৌ নমোৱা গীত॥
ভৰিত নিজম ভৰিৰ
নাচন
চিতত নিজম মন।
ধাই আহে যায় চায়
হঁহুৱাই
সোণ পুতলীকণ॥
No comments:
Post a Comment