কবিঃ- ৰঘুনাথ চৌধাৰী
আষাৰ মহীয়া ভৰ-দুপৰীয়া
ৰ'দে খাওঁ খাওঁ কৰে,
ভমক ভমক কি
চাবা চমক
চকু ছাঁট মাৰি ধৰে।
বা-বতাহ নাই মুৰ
ৰাইজাই
নলৰে গছৰ পাত,
চৰাই-চিৰিকতি কৰে
ছাটিফুটি
তত্ নাই কাৰোৰে গাত।
দূৰণিৰ পৰা কাণ
তাল মৰা
জিলীয়ে ৰাগিণী তানে,
কাণকুৰিকাই কিৰিলি
ফুটাই
গানত ৰহন সানে।
ই হেন পৰত মনৰ
বেগত
চেমেলীয়া ডেকা এটি,
বাঁহ-বেত বাছি কাঠী-কামি
চাঁচি
সাজিলে পঁজৰা গুটি।
ভাত-পানী খাই জিৰাই
শঁতাই
এখুজি দুখুজি কৰি,
ওলাল য়ুঁজাৰু হাতত
খেকেৰু
ৰণলৈ সাজি-পাৰি।
অকল শৰীয়া খেকেৰু-পতীয়া
হই পদূলিৰ বাজ,
ৰ'দা কাটি কৰি বজাই
সুহুৰি
সোমাল হাবিৰ মাজ।
দেখিয়ে ডঁৰিক চৰাই
হালিক
ওলাল জিভাৰ পানী,
হাবিৰ আঁৰত গছৰ
তলত
পাতি থলে ফান্দখনি।
হামি-হাঁচি কাহ উশাহ-নিশাহ
সকলো পেলাই তল,
'ধৰি ৰং চাম পুহিম
নে খাম
ভাবোতে গধূলি হ'ল।
হেন সময়ত হাবিৰ
মাজত
শুনিলে আটাহ বৰ,
চুৰিয়া কোঁচাই য়ুঁজাৰু
ডেকাই
মাৰিলে ভিৰাই লৰ।
হামখুৰি খাই পৰল
দেহি ঐ
গছৰ মূঢ়াত লাগি,
লাভৰ মূৰত থাকিল
শেষত
আঁঠুৰ ঘিলাটি ভাগি।
হায় হায় হায় কি
হ'ল বিলাই
খেকেৰু-পতীয়া ডেকা,
কৰিছিলা যেনে ফল
পালা তেনে
পালা তেনে ভাল সেকা।
আঁঠুও ভাগিল পখীও
উৰিল
ঘুণীয়া কৰিলা দেহ,
যি হবৰ হ'ল ভাবি
কিনো হ'ল
ঘৰত পাতোগৈ ঠেঁহ।
চুচৰি বাগৰি লাখুটিত
ধৰি
লহে লাহে গুচি গ'ল,
সিদিনাৰে পৰা সচং
বিছৰা
পৰম ভকত হ'ল।
"পজৰা" গুটি নহয় বানানটো পিজঁৰা গুটি।
ReplyDeleteধন্যবাদ বহুত পুৰণি কবিতা পঢ়ৰিলো। 🙏🙏