কবিঃ- প্ৰতিভাদেৱী
গোস্বামী
নদী দেখি ভাব হয়
তুমি শান্তিদাতা;
শস্য দেখি ভাব হয়
তুমি বিশ্বপিতা।
ফুল দেখি ভাবো তুমি
কিমান সুন্দৰ;
চন্দ্ৰ দেখি ভাবো
তুমি হাঁহিৰ আকৰ।
নভো দেখি ভাব হয়
তুমি কি উদাৰ;
মেঘ দেখি ভাব হয়
দয়াৰ আধাৰ।
মাতা দেখি ভাব হয়
তুমি স্নেহময়;
পিতা দেখি ভাব হয়
তুমি সুখৰ আলয়।
নিখিল ভুৱন মাজে কত
অভিনৱ;
দেখোঁ নিতে নিতে নাথ
শত ৰূপ তৱ,
No comments:
Post a Comment