কবিঃ- ধনাই বৰা
আনৰ অহিত চিন্তা নকৰে যিজন।
নকয় যি অসত্য বা অপ্ৰিয় বচন॥
দোষ এৰি আনৰ যি গুণকহে ধৰে।
নিজৰ দেখিলি দোষ পৰিত্যাগ কৰে॥
সজ আলোচনাতহে মন যাৰ ৰয়।
বিনয় বচনে কথা সকলোকে কয়॥
শুনিলে নিজৰ নিন্দা আনৰ মুখত।
উভটি নাপাৰে গালি খঙৰ কোবত॥
পিতৃ-মাতৃ আজ্ঞাবাণী কৰে শিৰোগত।
সৰ্বদাই কৰে কাম সাধু-মনোনত॥
পৰদ্ৰব্য দেখি কৰে লোভ সম্বৰণ।
নিতে নিতে শিকে এনে ভদ্ৰ আচৰণ॥
জ্ঞানী ল’ৰা বুলি তাক কয় সৰ্বজন।
তেনে ল’ৰা সকলোৰে নয়ন ৰঞ্জন॥
No comments:
Post a Comment