কবিঃ- ভৱানন্দ ৰাজখোৱা
ফুলৰ দৰে কোমল হিয়াৰ
জাতিৰ পিতা গান্ধী আমাৰ
প্ৰণাম যাচি পাৱত তোমাৰ
সুন্দৰ কৰোঁ জীৱন আমাৰ।
সত্য যুগৰ নিখুঁত ধৰম
উঠিল ভৰি হিয়াত তোমাৰ
জাতিৰ পিতা গান্ধী আমাৰ
জতি অজাতিৰ গুচাই ভেদ
একে মানৱৰ ৰচিলা বেদ
গাঁথি মিলনৰ সোণালী হাৰ
জাতিৰ পিতা গান্ধী আমাৰ
যঁতৰ তোমাৰ প্ৰেমৰ অস্ত্ৰ
দেৱাঙ্গভূষণ কপাহী বস্ত্ৰ
বোৱালা সত্যৰ সুষমা-ধাৰ;
ক্ষমাৰে হিংসাৰ সাধিলা মাৰ।
নৱ তপস্যাৰ ঋষিয়ে তুমি
কৰিলা উদ্ধাৰ ভাৰতভূমি
দেশৰ মাটিক চিনিলোঁ আমি
আমাৰেই পিতা চৰণ চুমি।
আধা নঙঠা সাধক তোমাৰ
বিভূতি শক্তি অসীম অপাৰ
মহাৰাজ হৈয়ো দুখীয়া হোৱা
দুখীয়া জাতিৰ পিতা আমাৰ।
হিয়াই হিয়াই সেইহে মাতি
মানৱ দেৱতা তোমাকে পাতি
চালে চেনেহৰ চকুলো ধাৰ;
গান্ধী মহাৰাজ যুগাৱতাৰ।
No comments:
Post a Comment