কবিঃ- ধনাই বৰা
অমৰ সিজন কৰে যেইজন
সদায় আনৰ
হিত।
সত্য কথা কয় ধৰ্ম পথ লয়,
পাপত নিদিয়ে
চিত॥
অন্তৰত যাৰ নাই অহঙ্কাৰ
নম্ৰভাৱে কথা
কয়।
দৰিদ্ৰৰ
প্ৰতি দয়াশীল অতি
কাকো হিংসা
নকৰয়॥
কুনীতি দমন কৰি যেইজন
সুনীতি
প্ৰচাৰ কৰে।
জানিবা
নিশ্চিত, সিটো পৃথিৱীত
আমৰ জীৱন
ধৰে॥
আনৰ দুখত লভয় মনত,
অশেষ প্ৰকাৰ
দুখ।
দেখিলে আনৰ, সুখ বহুতৰ,
লভয় আশেষ
সুখ॥
আপোন মঙ্গল নিচিন্তি কেৱল
আনৰো মঙ্গল
কৰে।
বিধিৰ বিধানে
মৰিও সিজনে
অমৰ জীৱন ধৰে
যুগ যুগান্তৰ সেই পুৰুষৰ,
নাম থাকে
পৃথিৱীত।
যত নৰ-নাৰী সেই নাম ধৰি
পবিত্ৰ কৰয়
চিত॥
সত্যবাদি ধীৰ ৰজা যুধিষ্ঠিৰ
গুণৰ ৰজা
ৰাম।
ৰজা আকবৰ পৃথিৱী ভিতৰ
ধৰিছে অমৰ
নাম॥
No comments:
Post a Comment